পাণ্ডুত স্থাপন হ`ব জাহাজ মেৰামতি কেন্দ্ৰ-বুজাবুজি চুক্তিত স্বাক্ষৰিত

0 220

অসমবাসীৰ এটা বহু পুৰণি আৰু প্ৰয়োজনীয় আশা পূৰ্ণ হ’ল।বৃটিছৰ দিনৰে পৰা জল পৰিবহনে অসমক অন্য মাত্ৰা প্ৰদান কৰি আহিছিল।কোনো দাবী অথবা আন্দোলন নকৰাকৈয়ে অসমবাসীয়ে জাহাজ মেৰামতি কৰা কেন্দ্ৰ এটা লাভ কৰিবলৈ সক্ষম হ’ল।এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ।আজি পাণ্ডু আয়োজিত ship Repair Facility mou স্বাক্ষৰিত এক অনুষ্ঠানত মাননীয় মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে।লগতে কয় যে পাণ্ডু এই কেন্দ্ৰটোৰ সমীপতে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ পোষকতা কৰে। জাহাজ,নাবিক শব্দৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে উঠি অহা প্ৰজন্মৰ বাবে ন বিষয়ৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাব বুলি মতপোষণ কৰে।
আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ পূৱক অষ্টালক্ষী জ্ঞান কৰি কেন্দ্ৰীয় মন্ত্ৰী সভাত উত্তৰ পূৱৰ ৫ জন প্ৰতিনিধিক স্থান দিছে।তাৰ অংশস্বৰূপে যাতায়ত আৰু যোগাযোগ ব্যৱস্থাক উন্নতমানৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু জাহাজ মেৰামতি কেন্দ্ৰটো অসমবাসীক উপহাৰ দিছে।এই জলপৰিবহন যোগেদি আমদানি ৰপ্তানি সহজলভ্য সম্ভৱপৰ হৈ উঠিব।ব্ৰক্ষ্মপুত্ৰ খননৰো পোষকতা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।উল্লেখযোগ্য যে আজি Inland waterways আৰু হুগলী কোচিন শ্বিপয়াৰ্ড মাজত চুক্তিত স্বাক্ষৰিত হয়!
এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ,সাংসদ কুইন ওজা,কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰ,কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় কেবাজনো বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.