পাৰ্থ সাৰথি মহন্তলৈ অসম সূৰ্য বঁটা

0 239

অসমৰ ভাষা ,সাহিত্য , সংস্কৃতি , ক্ৰীড়াকে ধৰি ৰাজ্যখনৰ সমাজ জীৱনলৈ আগবঢ়াই অহা অনবদ্য অৱদানৰ বাবে ভাৰতীয় আৰক্ষী সেৱা আৰু বৰ্তমান কামৰূপ জিলাৰ আৰক্ষী অধ্যক্ষ হিচাপে কৰ্মৰত পাৰ্থ সাৰথি মহন্তক ৰাজ্যৰ অগ্ৰণী সংস্কৃতি সংস্থা প্ৰহেলিকাই অসম সূৰ্য বঁটা ২০২০ প্ৰদান কৰিছে৷
 
 
অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অলপতে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম আৰক্ষী ৰত্ন বঁটা প্ৰাপক পাৰ্থ সাৰথি মহন্তক অসম সূৰ্য বঁটা ২০২০ প্ৰদান কৰে৷
 
 
প্ৰহেলিকাৰ সভাপতি জয়ন্ত শৰ্মাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° লক্ষীনন্দন বৰা , সাদিন কাকতৰ সম্পাদক  অনুৰাধা শৰ্মা পূজাৰী , সংগীতজ্ঞ লোকনাথ গোস্বামী , ড° অনীমা চৌধুৰী , ভৃগু কাশ্যপ , গীতালি কাকতী , অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াকে ধৰি ৰাজ্যৰ সাহিত্য , সংস্কৃতিক জগতখনৰ কেবাগৰাকী ব্যক্তি উপস্থিত থাকে৷
 
 
উল্লেখযোগ্য যে  এগৰাকী আৰক্ষী বিষয়া হৈও নিৰন্তৰ অসমীয়া সাহিত্য চৰ্চা কৰি অহাৰ লগতে ৰাজ্যৰ ভিতৰত প্ৰথমবাৰৰ বাবে কামৰূপ জিলাৰ আৰক্ষী বিভাগত চৰকাৰী কাম কাজত অসমীয়া ভাষা ব্যৱহাৰ , আৰক্ষীৰ ইউনিফৰ্ম, নামফলকত অসমীয়া ভাষা লিখা বাধ্যতামূলক কৰাৰ বাবে  অসম সাহিত্য সভাৰ সদ্যসমাপ্ত শুৱালকুছি অধিৱেশনত পাৰ্থ সাৰথি মহন্তক আনন্দ চন্দ্ৰ আগৰৱালা বঁটা প্ৰদান কৰা হৈছিল৷

Leave A Reply

Your email address will not be published.