আন্তর্জাতিক যোগ দিবসৰ লগত সংগতি ৰাখি পূৰ্বাঞ্চল গ্ৰাম্য মহিলা যোগা ফাউণ্ডেশ্যনে ইণ্ডিয়ান যোগ কালচাৰ আৰু যোগ থেৰাপি চেন্টাৰৰ সহযোগত হাতত লোৱা এমহীয়া কাৰ্যসূচীৰে যোগ সজাগতা আঁচনিৰ শুভাৰম্ভনীৰ এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত ফাউণ্ডেশ্যনৰ আঁচনিত থকা দহটা হৰিজন সম্প্ৰদায়ৰ কলনিত বিনামূলীয়া যোগ প্ৰট’কল ট্ৰেইনিং তথা প্ৰাগ চেনেলে দিয়া আৰ্থিক অনুদানেৰে ৩০০ টি-চাৰ্ট বিতৰণৰ কথা উল্লেখ কৰে আৰু মুঠতে ১৫ জনক সংবাদমেলত টি-চাৰ্ট বিতৰণৰ কৰি টি-চাৰ্ট বিতৰণৰ কাৰ্যৰ আৰম্ভনী কৰা হয়। আঁচনিত থকা আৰু দুটা সিদ্ধান্ত যথা অসমৰ যিকোনো দহখন গাঁৱৰ মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে যোগ প্ৰট’কল ট্ৰেইনিং , ১৬ জুনত যোগাসন প্ৰতিযোগীতা হাইলাকান্দিৰ কাঠনিচৰাত অনুস্থিত কৰাৰ কথা উল্লেখ কৰে।সংবাদমেলৰ আৰম্ভনী বন্তি প্ৰজ্বলনেৰে কৰা হয়। বন্তি আঁত ধৰে ড° মাধন বৰা, চিকটা দেৱ কৰ,জেফৰিণ হাজৰিকা ,প্ৰিয়ংকা মিশ্ৰা, নিশা চক্ৰৰ্ৱতীয়ে। সংবাদমেলত যোগাৰ অনুৰাগী তথা ফাউণ্ডেশ্যনৰ বিভিন্ন শুভাকাংক্ষী উপস্থিত থাকে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা