অসমৰ কৃষিজাত সামগ্ৰী দেশৰ ভিন্ন প্ৰান্তলৈ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যৰে অসম উদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা১৯৮৪.৩২ লাখ টকা ব্যয় সাপেক্ষে বৰঝাৰস্থিত বিমান বন্দৰৰ সমীপত পেৰিচেব’ল কাৰ্গো চেণ্টাৰৰ আধাৰশিলা সৰ্বানন্দ সোণোৱালে স্থাপন কৰে।উল্লেখযোগ্য যে ভাৰতৰ চৰকাৰৰ এই প্ৰকল্পলৈ ৰাজ্য চৰকাৰে ৫০লাখ টকা অনুদান আগবঢ়াইছে।প্ৰকল্পটোৰ জৰিয়তে কাৰ্গো হেণ্ডলিংৰ সুবিধা, শীতলীকৰণ ভঁৰাল সুবিধা প্ৰদানকে আদি কৰি কৃষিজাত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত উদ্যোগ লোৱা হ’ব।প্ৰকল্প আধাৰশিলা স্থাপনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কৃষি সংস্কৃতিৰ দ্বাৰা ৰাজ্যৰ অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিব লাগিব ।কৃষিক মৰ্য্যদাসম্পন্ন বৃত্তি হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে ।আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে কাৰ্গো চেণ্টাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে অসমৰ কৃষকে বৃহৎ বজাৰ লাভ কৰিব ।এই প্ৰকল্পৰ জৰিয়তে কৃষি উৎপাদিত সামগ্ৰী সমূহ ৰপ্তানিৰ ক্ষেত্ৰত নতুন পথ মুকলি হ’ব ।অনুষ্ঠানত আইন উপদেষ্টা শান্তনু ভৰালী, অতিৰিক্ত মুখ্য সচিব ৰবি, কাপুৰ, বাণিজ্য বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী, এ এচ ডি এমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী উপস্থিত থাকে।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা