পৌৰসভা নিৰ্বাচনকলৈ তৎপৰ  ঢকুৱাখনা মহকুমা প্ৰশাসন

0 177

ৰাজ্যখনৰ সমাগত পৌৰ সভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে ঢকুৱাখনা মহকুমা প্ৰশাসন। ১০ টা ৱাৰ্ড বিশিষ্ট ঢকুৱাখনা পৌৰ সভাৰ  আগত নিৰ্বাচন সফল অনুষ্ঠিতকৰণৰ লক্ষ্যৰে বৃহস্পতি বাৰে এখন সভা অনুষ্ঠিত কৰে ঢকুৱাখনা  মহকুমা প্ৰশাসনে । মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত  মহকুমাধিপতি গুৰনেল সিঙে  সমাগত নিৰ্বাচন প্ৰক্ৰিয়া সফল ভাবে পৰিচালনা কৰাৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰা নীতি নিৰ্দেশনা আৰু নিৰ্বাচনী আচৰণ বিধি সন্দৰ্ভত  বিস্তৃত ভাবে অৱগত কৰে। ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা ,  ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে , সহকাৰী আয়ুক্ত অভিজাত বৰুৱা ,
ভাৰতীয় জাতিয় কংগ্ৰেছ দলৰ ব্লক সভাপতি তৰুণ চেতিয়া , ঢকুৱাখনা বিধানসভা সমষ্টিৰ  বিজেপি দলৰ বিধায়কৰ প্ৰতিনিধি বজ্ৰ দলে ,  অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গ , সংবাদমাধ্যমৰ সদস্য সকল উপস্থিত থকা  সভাত আগত নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে মহকুমা প্ৰশাসনে। উল্লেখ্য যে ১০ টা ৱাৰ্ড বিশিষ্ট পৌৰ সভাখনৰ ১ নং ৱাৰ্ডত মুঠ ভোটাৰৰ সংখ্যা ৭৮৭ গৰাকী আৰু ৱাৰ্ডটো অসংৰক্ষিত । ২নং ৱাৰ্ডৰ মুঠ  ভোটাৰৰ সংখ্যা ৮৯৫ গৰাকী  আৰু ৱাৰ্ডটো অনুসূচীত জনজাতি মহিলাৰ বাবে সংৰক্ষিত। ৩নং ৱাৰ্ডৰ মুঠ ভোটাৰ হল ৯১১ গৰাকী  আৰু ৱাৰ্ডটো মহিলাৰ বাবে সংৰক্ষিত । ৪ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা ১০৭১ গৰাকী আৰু ৱাৰ্ডটো মুকলি অৰ্থাৎ অসংৰক্ষিত । ৫ নং ৱাৰ্ডটো অসংৰক্ষিত আৰু এই ৱাৰ্ডৰ  মুঠ ভোটাৰৰ সংখ্যা হল ৯৮৫ গৰাকী। ৬ নং ৱাৰ্ডটো অসংৰক্ষিত আৰু মুঠ ভোটাৰৰ সংখ্যা হল ১০৬৮ গৰাকী । ৭ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা ১২০৩ গৰাকী আৰু ৱাৰ্ডটো মহিলাৰ বাবে সংৰক্ষিত ।  ৮ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ১১৩০ গৰাকী আৰু ৱাৰ্ডটো অনুসূচীত জাতি মহিলাৰ বাবে সংৰক্ষিত । ৯ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা ৮৫৫ গৰাকী আৰু ৱাৰ্ডটো  মহিলাৰ বাবে সংৰক্ষিত । ১০ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ১২২০ গৰাকী আৰু এই ৱাৰ্ডটো অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। পৌৰসভাখনৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হল ৫০৭৩ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৫০৩২  গৰাকী। সৰ্বমুঠ ভোটাৰৰ সংখ্যা হল ১০ হাজাৰ ১০৫ গৰাকী । সমাগত নিৰ্বাচনৰ সময়ত পৌৰ এলেকাৰ মুঠ ২০ খন শিক্ষানুষ্ঠানত ২০ টা ভোট কেন্দ্ৰ স্থাপন কৰা হব । উল্লেখ্য যে নিৰ্বাচন আয়োগে নিৰ্বাচনী পৰ্যবেশক হিচাবে ঢকুৱাখনাত লখিমপুৰ জিলাৰ উন্নয়ন আয়ুক্ত  মনোজ কুমাৰ বৰুৱাক নিয়োগ কৰিছে । নিৰ্বাচন সংক্ৰান্তীয় উজৰ আপত্তিৰ বাবে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গৰাকীৰ ভ্ৰাম্যভাস নম্বৰ ৬০০২৫ ৭২৬৮২ ত নাগৰিকে যোগাযোগ কৰাৰ উপৰিও  মহকুমাধিপতি তথা জিলা নিৰ্বাচনী বিষয়া  গুৰনেল সিংৰ ৯৪৩৫১ ৫৯১৬০ নম্বৰত যোগাযোগৰ আহ্বান জনোৱা হৈছে  । বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.