আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে এটা ৱেব পৰ্টেল মুকলি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । আজি জিলাখনৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডা: ধ্ৰুৱজ্যোতি হাজৰিকাই NIC শাখাৰ দ্বাৰা প্ৰস্তুত কৰা kamrupmetro-pg.assam.gov.in নামৰ ৱেব পৰ্টেলটো আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে।এই ৱেবপৰ্টেলটো লগ ইন কৰি পঞ্জীয়ন কৰাৰ পিছত নিৰ্বাচনী বিধি ভংগকে ধৰি সকলো ধৰনৰ অভিযোগসমূহ জনসাধাৰণে অনলাইন যোগে দাখিল কৰিব পাৰিব। আনহাতে, এই পৰ্টেলত লগ ইন কৰিয়েই পৰৱৰ্তী সময়ত সেই বিষয়ত কি পদক্ষেপ গ্ৰহণ কৰা হ’ল অভিযোগকাৰীয়ে জানিব পাৰিব।অভিযোগকাৰীসকলে অভিযোগ কৰোতে স্থান আদি উল্লেখ কৰি ছবি সংলগ্ন কৰিব পাৰিব। নিৰ্বাচনী বিধি নিৰীক্ষণত এই ৱেব পৰ্টেলটো বিশেষভাৱে সহায়ক হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে এই ৱেব পৰ্টেলে মহানগৰীৰ ভোটাৰ ৰাইজক আন ক্ষেত্ৰতো সহায় কৰি স্বচ্ছ আৰু নিয়াৰি নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰিব বুলি কোৱা হৈছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি