নিৰ্বাচন আয়োগে আজি অসমত পৌৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ঘোষিত সময়সূচী অনুসৰি ৬ মাৰ্চত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।শিলচৰ পৌৰ নিগমৰ বাহিৰে ৮০ খন পৌৰ সভা আৰু নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।আদালতত গোচৰ চলি থকা বাবে শিলচৰত নিৰ্বাচন অনুষ্ঠিত নহয় বুলি আয়োগে জানিবলৈ দিয়ে।৬ মাৰ্চত ভোটগ্ৰহণৰ পিছত ৯ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব।পৌৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৫ ফেব্ৰুৱাৰী।আনহাতে ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব।প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ উঠাই লোৱাৰ সীমা ২১ ফেব্ৰুৱাৰীত ধাৰ্য কৰা হৈছে।৮০ পৌৰসভা, নিগমৰ অন্তৰ্গত ৯৭৭ ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৩৩ গৰাকী পৰ্যৱেক্ষকে নিৰীক্ষণ কৰিব সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া।ভোট গ্ৰহণৰ বাবে ৫৯০০ টা ইভিএম সাজু কৰা হৈছে বুলি জানিব পৰা গৈছে।নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ বাবে আয়োগে বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনী প্রচাৰত ৰ’ড শ্ব’ আৰু ৰেলী নিষিদ্ধ কৰিছে আয়োগে। ঘৰে-ঘৰে গৈ নিৰ্বাচনী প্রচাৰ চলাব পাৰিব প্ৰাৰ্থীয়ে।কেৱল ১৫জন ব্যক্তিহে যাব পাৰিব নিৰ্বাচনী প্রচাৰত। অন্যহাতে আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে।উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰি ৬০ টা কৰা হয়।তদুপৰি এতিয়াৰে পৰা এৰিয়া সভাৰ কোনো সদস্য নাথাকিব। কেৱল কাউঞ্চিলৰহে সদস্য হিচাপে নিৰ্বাচিত বিষয়া থাকিব।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী