প্লাষ্টিকজাত সামগ্রীয়ে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থালৈ অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে মাজুলীৰ এটা অংগনবাড়ী কেন্দ্র বিশেষভাৱে চৰ্চালৈ আহিছে।কিয়নো এই অংগনবাড়ী কেন্দ্রটো প্লাষ্টিকৰ বটলত বালি ভৰাই ,চিমেণ্ট মিহলি কৰি নিৰ্মাণ কৰা হৈছে।মাজুলীৰ কাকৰিকটা গাঁৱৰ ৩৯ নং অংগনবাড়ী কেন্দ্রটো প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰিছে।মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰীৰ উদ্যোগত প্ৰায় ৩ মাহৰ আগৰপৰা নিৰ্মাণ কাৰ্য চলি আছে।ইতিমধ্যে ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে।এইক্ষেত্ৰত পশ্চিম কাকৰিকটা ইন্দিৰা মহিলা সমিতিয়ে সহযোগ কৰিছে।জানিব পৰা মতে এই ব্যতিক্রম ধৰণৰ অঙ্গনবাদী কেন্দ্রটো চাবলৈ বহু পৰ্যটকৰ আগমন হৈছে।যি সময়ত পৰিৱেশৰ প্ৰতি সজাগ সৃষ্টি কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে সেই সময়ত প্লাষ্টিকজাত সামগ্রীৰ সৎ ব্যৱহাৰ মাজুলী জিলা প্ৰশাসনে ইতিবাচক বাৰ্তা কঢ়িয়াইছে। সংগীতা শইকীয়া
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud