প্ৰধানমন্ত্ৰীয়ে এক্ট ইষ্ট পলিচীৰ জৰিয়তে কথাৰে নহয় কামেৰে আমাৰ প্ৰতি থকা সদ্ভাৱ আৰু মৰম প্ৰদৰ্শন কৰি দেখুৱালে- সোণোৱাল

0 93

ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমগ্ৰ দেশৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱশক্তিকো ৰাষ্ট্ৰচেতনা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনেৰে সবল কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT)ত আয়োজিত থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫ত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিগত এটা দশকত উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তনৰ সূচনা হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোৱে কিদৰে দেশৰ বিকাশ ইঞ্জিন শক্তিশালী কৰিছে, সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আলোকপাত কৰে আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰে ৰাষ্ট্ৰসেৱাত সমৰ্পিত হ’বলৈ সকলোকে আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “যুৱশক্তি আমাৰ দেশৰ চালিকাশক্তি। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে দেশৰ যুৱপ্ৰজন্মৰ সবলীকৰণ আৰু সংস্থাপনত যথেষ্ট গুৰুত্ব দিছে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰি তুলিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিভিন্ন ৰাজ্যৰ যুৱপ্ৰজন্মই এতিয়া যোগ্যতা তথা মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে। এখন এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত যুৱপ্ৰজন্মই আগভাগ ল’ব লাগিব। ভাৰত এতিয়া এখন দ্ৰুত উন্নয়নমুখী দেশ, যি বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈ পৰিছে। ২০৩০ চনৰ ভিতৰত আমি ভাৰতক বিশ্বৰ শীৰ্ষ তিনি অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত অহোপুৰুষাৰ্থ কৰিব লাগিব। মই যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি এক সমৰ্পিত শক্তি হ’বলৈ আহ্বান জনালোঁ। ভাৰত ইয়াৰ বৰ্ণাঢ্য আৰু প্ৰাচীন সভ্যতা-সংস্কৃতিৰ বাবে বিখ্যাত। বিশ্বায়নৰ এই যুগত আমি বিজ্ঞান-প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তাৰ উত্তৰণৰ সমান্তৰালকৈ আমাৰ চহকী ঐতিহ্য-পৰম্পৰাৰ সৈতে নৱপ্ৰজন্মক চিনাকি কৰাই নিজৰ শিপাৰ সৈতে সম্পৃক্ত কৰাব লাগিব। আমাৰ যুৱপ্ৰজন্মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ যোৱাৰ দৰেই বিশ্ববিজয় কৰিব লাগিব কঠোৰ পৰিশ্ৰম আৰু মেধাশক্তিৰ দ্বাৰা।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে,উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন আৰু অনুসন্ধানৰ জৰিয়তে, সততা আৰু অধ্যৱসায়ৰ বলত এখন বিকশিত ভাৰতবৰ্ষ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা উচিত৷ আজি প্ৰতিজন ভাৰতীয়ই বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে- ভাৰতে বিশ্বৰ আটাইতকৈ বিকশিত দেশ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিব৷ এই বিশ্বাসটোকেই থিংক ইণ্ডিয়া বুলি অভিহিত কৰিব পাৰি৷”

প্ৰসংগক্ৰমে তেখেতে নৰেন্দ্ৰ মোদীৰ সৈতে এডভাণ্টেজ আছামৰ যোগসূত্ৰৰ কথা উল্লেখ কৰি কয়, মোদীজীয়েই অসমৰ প্ৰকৃত এডভাণ্টেজ৷ কংগ্ৰেছৰ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পলিচী আছিল লুক ইষ্ট পলিচী, তেওঁলোকে মাথোঁ চায়েই থাকিল আমালৈ৷ আমাৰ বাবে একো কৰিব নোৱাৰিলে৷ কিন্তু মোদীজীয়ে আৰম্ভণি কৰিলে এক্ট ইষ্ট পলিচীৰ- কথাৰে নহয় কামেৰে তেখেতে আমাৰ প্ৰতি থকা সদ্ভাৱ আৰু মৰমৰ প্ৰদৰ্শন কৰি দেখুৱালে৷ তেখেতে নিজে ৭০ বাৰতকৈও বেছি উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাতে ক্ষান্ত নাথাকি তেখেতৰ মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকলক সময়ে সময়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ পঠিয়াইছে- কংগ্ৰেছ চৰকাৰৰ দিনৰ দৰে পৰ্যটক হিচাপে নহয়, একোজন দায়িত্বশীল মন্ত্ৰী হিচাপে৷আজি বিশ্বৰ যি প্ৰান্ততেই নহওক, ভাৰতে এখন বিশেষ আসন লাভ কৰে৷ বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতৰ অৰিহণা আৰু মতামত এতিয়া গুৰুত্বসহকাৰে বিবেচনা কৰা হয়৷ এয়াই প্ৰকৃত পৰিৱৰ্তন।

আনহাতে, ছাত্ৰ-ছাত্ৰীয়ে দেশৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্ৰিক খণ্ডৰ ৰূপান্তৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “২০২৪-২৫ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ চলিত সময়লৈকে দেশৰ আন্তঃগাঁথনি খণ্ডৰ মন্ত্ৰালয়সমূহৰ মাজত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় শীৰ্ষস্থানত থকা দেখি আনন্দিত হৈছো।বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সূচনা কৰা ৰূপান্তৰৰ পদক্ষেপৰ ফলস্বৰূপে ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি বন্দৰসমূহত ক্ষমতা বৃদ্ধিৰ এক ব্যতিক্ৰমী হাৰ লিপিবদ্ধ হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰে কেনেদৰে ভাৰতৰ সামুদ্ৰিক খণ্ডক এক শীৰ্ষ গোলকীয় শক্তিলৈ ৰূপান্তৰিত কৰিছে, এই তথ্যই তাক প্ৰতিফলিত কৰিছে। বিগত দশকত দেশৰ বিভিন্ন খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ লগতে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্ৰিক খণ্ডক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰোৱাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত শীঘ্ৰেই ভাৰতক বিশ্বৰ ১০ খন আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ আমি দৃঢ় পণ লৈছোঁ। ভাৰতে সামুদ্ৰিক খণ্ডৰ বাবে এক মাইলৰ খুঁটি নিশ্চিত কৰাৰ পথত ক্ষিপ্ৰতাৰে আগবাঢ়িছে। পানীক জ্ঞানলৈ, পানীক সম্পদলৈ ৰূপান্তৰিত কৰি দেশৰ অৰ্থনৈতিক বিকাশ যাত্ৰাক উচ্চ শিখৰলৈ লৈ যোৱাৰ আমাৰ নিৰন্তৰ প্ৰচেষ্টা অনাগত দিনবোৰতো অব্যাহত থাকিব। এইক্ষেত্ৰত যুৱচামৰ ভূমিকা হ’ব সুদূৰপ্ৰসাৰী।

আজিৰ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল প্ৰমুখ্যে অন্যান্য অধ্যাপকসকল আৰু গণ্য-মান্য ব্যক্তিসকল।

Leave A Reply

Your email address will not be published.