প্ৰব্ৰজিত শ্ৰমিকৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব-স্বাস্থ্যমন্ত্ৰী

0 246

আজি জনতা ভৱনত ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত বিভাগৰ বিভাগীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে।মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই সংবাদমেলৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰে সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত তথা ক’ভিড-১৯ ভয়াৱহ বৰ্দ্ধিত সংক্ৰমণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।
 
 
 
বৰ্তমান সমগ্ৰ ৰাজ্যতে ক’ভিড১৯ৰ আক্ৰান্তকাৰী সকলৰ সংস্পৰ্শত অহা তথা আক্ৰান্তকাৰী সকলক যিধৰণেৰে কোৱাৰেণ্টাইনত ৰখা হৈছে সেয়া সফল কৰি তুলিবলৈ আহ্বান জনায়। কিয়নো ৰাজ্যৰ ভবিষ্যত কোৱাৰেণ্টাইন পদ্ধতিৰ ওপৰতে নিৰ্ভৰ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।
দেশৰ কেন্দ্ৰ তথা কেন্দ্ৰীয় চৰকাৰে অলপতে যি অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা কৰিছিল সেই সম্পৰ্কতো মত প্ৰকাশ কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত তেখেতে কয় যে কেন্দ্ৰীয় চৰকাৰে অলপতে ঘোষণা কৰা অৰ্থনৈতিক পেকেজৰ ফলত সমগ্ৰ অসমে বিশেষকৈ বহিঃৰাজ্যৰ পৰা অসমলৈ প্ৰব্ৰজিত হোৱা শ্ৰমিক সকলে লাভৱান হ’ব। প্ৰব্ৰজিত শ্ৰমিকসকলে কেনেধৰণেৰে লাভৱান হ’ব সেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
আজিৰ এই সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অলপতে ঘোষণা কৰা বিছ লাখ কোটি টকাৰ এই অৰ্থনৈতিক পেকেজটোৰ সহায়ত বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিক সকলক অসম চৰকাৰে তেওলোকক তিনি মাহৰ কাৰণে খাদ্য বস্তুৰ যোগান ধৰিব। আগন্তুক তিনি মাহ পৰ্যন্ত নিজ গৃহলৈ ঘুৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলে লাগতিয়াল তথা প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে অতিৰিক্ত ভাৱে পাঁচ কেজিকৈ চাউল লাভ কৰিব।উল্লেখ্য যে প্ৰব্ৰজিত সকলো শ্ৰমিককে এম জি এনৰেগা আচনিৰ জৰিয়তে কৰ্মসংস্থাপন দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ চৰকাৰৰ প্ৰতি আহ্বান জনাইছিল।
স্মৰ্তব্য যে এম জি এনৰেগা আচনিৰ অধীনত কৰ্মৰত হৈ থকা শ্ৰমিক সকলে আগতে ১৮২টকাকৈ লাভ কৰিছিল। কিন্তু এইবাৰ আকৌ নতুনকৈ পূৰ্বৰ ১৮২টকাৰ সলনি ২০২ টকা অৰ্থাৎ ২০ টকা বেছিকৈ লাভ কৰিব বুলি সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয়। সংবাদমেলত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যেএই লকডাউনৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যৰ সৰ্বমুঠ এক কোটি মজুৰি কৰা মহিলাই তিনিমাহৰ বাবে তেওলোকৰ নিজৰ নিজৰ জন ধন যোজনা একাউণ্টত প্ৰতিমাহে ৫০০ টকাকৈ মুঠ ১৫০০ টকা লাভ কৰিব।
 
 
আজিৰ সংবাদমেলত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সমগ্ৰ সময়ছোৱাত চৰকাৰৰ ৰাজকোষৰ পৰা তিনিমাহত সৰ্বমুঠ ১৫০০ কোটি টকাৰ খৰচ হ’ব। আনহাতে ৰাজ্যৰ পদপথৰ ব্যৱসায়ী সকলক পুনৰবাৰ  নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈও বেংকে দহ হেজাৰ টকাৰ ঋণ প্ৰদান কৰিব।
 
 
 
স্বয়ংপ্ৰভা চেনেলৰ জৰিয়তেও অনলাইন শিক্ষা প্ৰদান কৰা হ’ব। ব্লক পৰ্যায়ত চিকিৎসালয় স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১৫০কোটি টকা প্ৰদান কৰিছে বুলিও সংবাদমেল যোগে কয় মন্ত্ৰী গৰাকীয়ে। সমান্তৰালভাৱে এপ্ৰিল আৰু মে’ মাহত যদিহে কাৰোবাৰ ব্যৱসায় বেয়া হয় তেতিয়াহ’লে  আগন্তুক তিনি মাহৰ ভিতৰত ৱৰ্কিং কেপিতেল ঘূৰাই দিব নালাগে বুলি কয় মন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে বিগত দুটা মাহত কোম্পানী সমূহে দিব পৰা নাই বিদ্যুৎ ক্ৰয় কৰা মাচুল। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিদ্যুৎ কৰ্তন কৰাৰ অৱস্থাৰ উপক্ৰম হৈছিল। বিদ্যুৎৰ গ্ৰাহক সকলে বিদুতৰ মাচুল নিদিয়া পৰ্যন্তলৈকে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা লৈ এই ঋণৰ পইচা দিব। যাৰ বাবে বিদ্যুৎ কৰ্তন কৰিব নোৱাৰিব বুলিও কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
 
আনহাতে মন্ত্ৰী গৰাকীয়ে ক’ভিড১৯ত আক্ৰান্ত হৈ সোমবাৰে মৃত্যু হোৱা ৰোগীগৰাকীৰ প্ৰসংগতো মন্তব্য কৰে আজিৰ সংবাদমেলত। অসমত প্ৰায় ৪০ হেজাৰ লোকক পৰীক্ষা কৰা হৈছে বুলিও কয়। আনহাতে ৰাজ্যখনৰ এক লাখ লোকক কোৱাৰেন্টাইনত ৰাখিবৰ বাবে সমগ্ৰ জিলা সমূহতে প্ৰায় চাৰি কোটি টকা খৰচ হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে এই প্ৰসংগত ৰাজ্যৰ স্বাস্থ্য বিভাগে অধিক তথ্য সদৰি কৰিব বুলিও কয়।বহিঃৰাজ্যৰ পৰা অহা লোক সকলক প্ৰণালীবদ্ধভাৱে আহিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। যদিহে একেলগে আহে তেতিয়াহ’লে তেওলোকক কোৱাৰেন্টাইন কৰাত অসুবিধা হ’ব বুলিও কয় আজিৰ সংবাদমেলযোগে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.