প্ৰয়াস অধ্যয়ন চক্ৰৰ সৌজন্যত কাজিৰঙাত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং শিবিৰ মুকলি

0 256

বোকাখাতৰ অগ্ৰণী শৈক্ষিক-সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ সৌজন্যত তথা বোকাখাত জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু কাজিৰঙাৰ ৰাইজিং চান ইংলিছ স্কুলৰ সহযোগত মুকলি কৰা হৈছে এক বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং শিবিৰ।১৪ মে’ৰ পৰা ১৭ মে’ পৰ্যন্ত কাজিৰঙাস্থিত ৰাইজিং চান ইংলিছ স্কুলত আৰম্ভ কৰা এই বিশেষ শিবিৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ অনাগত শৈক্ষিক যাত্ৰাত সহায়ক হোৱাকৈ আগবঢ়োৱা হৈছে এই বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিঙৰ বিশেষ কাৰ্যসূচী।কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পাঠদানৰ ব্যৱস্থা কৰা হৈছে উক্ত কেৰিয়াৰ কাউন্সেলিঙ শিবিৰত।শনিবাৰে কাজিৰঙাৰ কঁহৰাস্থিত ৰাইজিং চান বিদ্যালয়ত অনুষ্ঠিত শিবিৰৰ মুকলি অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা লেখিকা নিজৰা বৰঠাকুৰৰ লগতে ৰাইজিং চান হাইস্কুলৰ প্ৰধান শিক্ষক তথা বিশিষ্ট সাংবাদিক দেৱাশিষ বৰুৱা,সভাপতি দিলীপ দাস,প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি আৰু কাজিৰঙা অঞ্চলৰ আগশাৰীৰ কেইবাখনো বিদ্যালয়ৰ হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ্থী।

ইফালে অনুষ্ঠানটোৰ আঁত ধৰি প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহে মন্তব্য কৰি কয় যে বৰ্তমান সময়ত একাংশ অসাধু শিক্ষা ব্যৱসায়ীৰ দ্বাৰা কেৰিয়াৰ কাউন্সেলিংৰ নামতো এখন বৃহৎ বজাৰ সৃষ্টি হোৱাৰ বিপৰীতে প্ৰয়াস অধ্যয়ন চক্ৰ তথা বোকাখাত জাতীয় বিদ্যালয়ে অঞ্চলটোৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সামৰি শৈক্ষিক বিকাশৰ অৰ্থে এই কেৰিয়াৰ কাউন্সেলিঙৰ অভিযান মুকলি কৰিছে।উল্লেখযোগ্য যে কাজিৰঙাৰ পৰা আৰম্ভ কৰি ৰঙামাটিলৈকে মুঠ পাঁচটা ভাগত বিভক্ত কৰি বিয়লি ২ বজাৰ পৰা ৪ বজালৈ এই বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং শিবিৰৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক গৰাকীয়ে।

Leave A Reply

Your email address will not be published.