প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত সুধাকণ্ঠ ড’ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত বিশেষ সংখ্যা প্রাগতীর্থ উন্মোচন
গুৱাহাটীৰ ঐতিহ্যমণ্ডিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্রাক্তন প্রাগজ্যোতিষ সন্মিলনৰ উদ্যোগত ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শত বাৰ্ষিকীৰ লগত সংগতি ৰাখি ৭ ছেপ্টেম্বৰৰ দিনা সন্ধিয়া মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰাচীৰ পত্রিকা ‘প্রাগতীর্থ’ উন্মোচন কৰা হয় ৷ প্রাক্তন প্রাগজ্যোতিষ সম্মিলনৰ উদ্যোগত প্ৰতি তিনিমাহৰ অন্তত প্রকাশিত প্ৰাচীৰ পত্রিকা প্রাগতীৰ্থৰ প্রাচীৰ পত্রিকা, চতুর্থ সংখ্যাটো উন্মোচন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰলে । উল্লেখ্য যে প্ৰাচীৰ পত্ৰিকাখন কেইবাগৰাকী প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া লেখাৰে সমৃদ্ধ হৈছে।উন্মোচনী অনুষ্ঠানত সতীৰ্থ সন্মিলনৰ উপ সভাপতি সভাপতি জগদীশ দাস ,সম্পাদিকা হিমাশ্রী দেৱী, প্রাচীৰ পত্ৰিকাৰ সম্পাদক ৰাতুল চন্দ্ৰ ভট্টাচাৰ্য, উপদেষ্টা অপূৰ্ব দাস , সহকাৰী সাধাৰণ সম্পাদক গুঞ্জন দাসকে ধৰি সম্পাদনা সহযোগী কেইবাজনো প্রাক্তন ছাত্র উপস্থিত থাকে। পত্রিকাখন সুন্দৰ হস্তলিপি আৰু পৰিকল্পনাৰে সজাই তুলিছে প্রাক্তন ছাত্র, শিল্পী মুকুল কুমাৰ দাসে। উল্লেখ্য যে আগন্তুক দিনত প্ৰকাশ পাবলগীয়া প্ৰাচীৰ পত্ৰিকাৰ কেতবোৰ নিৰ্বাচিত লেখাৰে এখন গ্ৰন্থ প্রকাশৰো পৰিকল্পনা কৰিছে সতীৰ্থ সন্মিলনে । সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰলে জানিবলৈ দিয়া মতে ২০২৭ চনত মহাবিদ্যালয় খনে ৭৫ বৰ্ষত ভৰি দিয়াৰ প্ৰাকমুহূৰ্তত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ স্মৃতি বিজড়িত আৰু সমাজত বিভিন্ন স্থানত সফলতাৰ শীৰ্ষস্থান অধিকাৰ কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ লিখনিৰে এখন স্মৰণিকা প্ৰকাশ কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ৷ সমুহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ লিখনিৰ বাবে আহ্বান জনোৱা হৈছে।