প্ৰয়াত কমল কৃষ্ণ দাসৰ জীয়ৰীৰ শিক্ষাৰ সকলো দায়িত্ব ল’লে অসম শিশু সুৰক্ষা আয়োগৰ অধ্যাক্ষা ড০ সুনিতা চাংকাকতিয়ে

0 218

ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ কিষাণ মৰ্চাৰ সভাপতি তথা মিৰ্জা নিবাসী কমল কৃষ্ণ দাসৰ যোৱা ২১ আগষ্টত চিকিৎসাৰত অৱস্থাত হঠাতে পৰলোক প্ৰাপ্তি হয়। কিছুদিন ধৰি কমল কৃষ্ণ দাস মধুমেহ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও উক্ত দিনা স্বাস্থ্যৰ অৱনতি ঘটি অকাল মৃত্যুক আকোৱালি ল’ব লগা হয়।
 
 
 
 
তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ দলীয় নেতা-কৰ্মীসকলৰ মাজত তথা অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। দক্ষিণ কামৰূপ জিলাৰ কৃষাণ মৰ্চাৰ সভাপতি হৈ থকা অৱস্থাত দাসে দলটোৰ হকে নিষ্ঠা সহকাৰে কাম কাজ সমূহ নিয়াৰিকৈ চলাই দলক শক্তিশালী কৰাত চেষ্টা অব্যাহত ৰাখিছিল।
 
 
 
আজি অসম শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা তথা বিজেপি নেত্ৰী ড০ সুনিতা চাংকাকতিয়ে দাসৰ বাসভৱনত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। প্ৰয়াত কমল কৃষ্ণ দাসৰ জীয়ৰী বাবলী ৰাণী দাসক শিক্ষাৰ দায়িত্ব ল’লে বুলি জানিবলৈ দিয়ে। আনহাতে প্ৰয়াত দাসৰ আত্মাৰ সদগতিৰ অৰ্থে আয়োজন কৰা আদ্য-শ্ৰাদ্ধৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰে দলীয় কাৰ্য কৰ্তাসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.