পৰিবেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলত পাৰিষদৰ মাজত গছপুলি বিতৰণ

0 49

অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৱাহাটী পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলৰ অধীনৰ ১২ টা ৱাৰ্ডৰ পাৰিষদ সকলৰ মাজত অসমৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপ খোৱা থলুৱা বিভিন্ন প্ৰজাতিৰ প্ৰায় ৫০০ টা গছপুলি বিতৰণ কৰা হয়। দিছপুৰ সংমণ্ডল কাৰ্যালয় চৌহদত অনুষ্ঠিত বিতৰণ কাৰ্যসূচীত সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকা আৰু বিষয়া ৰুবুল চৌধুৰীয়ে পাৰিষদ মাচুমা বেগম আৰু অসীম শইকীয়াক গছপুলি প্ৰদান কৰি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকাই ভাষণ প্ৰসংগত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উত্তাপে কিদৰে সমগ্ৰ বিশ্বতে কেনে ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ বাখ্যা দাঙি ধৰে আৰু এই সমস্যা সমাধান কৰিবলৈ হলে ব্যাপক হাৰত গছপুলি ৰোপণৰ বাহিৰে আন কোনো বিকল্প নাই বুলি ব্যক্ত কৰে। তেনেদৰে পাৰিষদ মাচুমা বেগমেও চমু ভাষণত তেওঁ লাভ কৰা প্ৰায় দুকুৰী গছপুলি ৰোপণ কৰি তাক উপযুক্তভাৱে লালন পালন কৰা হব বুলি সদৰি কৰে। উল্লেখ্য যে পাৰিষদ সকলে লাভ কৰা গছপুলি সমুহ ৰাইজৰ সহযোগত বিভিন্ন ৰাজহুৱা স্থান,পথৰ মাজৰ বিভাজক আৰু পথৰ দাঁতিত ৰোপণ কৰা হব।

Leave A Reply

Your email address will not be published.