গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ পৰিবেশ সুৰক্ষাৰ দিশত গ্ৰহণ কৰি অহা অৱদান আৰু পৰিবেশ সচেতনতা বিষয়ত লোৱা ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গ্ৰীনটেক পুৰস্কাৰ’ লাভ কৰিবলৈ সক্ষম হৈছে। এই পুৰস্কাৰ প্ৰদান কৰিছে নতুন দিল্লীস্থিত সৰ্বভাৰতীয় পৰিবেশ সংস্থা গ্ৰীনটেক উদ্যোগে। ২৫ আগষ্টত গ্ৰীনটেক ফাউণ্ডেশ্যনে গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূর্ণ অনুষ্ঠানত এই বঁটা সমূহীয়াকৈ প্ৰদান কৰা হয়। বঁটা বিতৰণী সভাত।অসম প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড০ অৰুপ মিশ্ৰ, অসম চৰকাৰৰ পৰিবেশ নিয়ন্ত্ৰণ বিভাগৰ অতিৰিক্ত অধ্যক্ষৰ লগতে অসম পৰিবেশ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব সদস্য শান্তনু দত্ত উপস্থিত থাকে। গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ হৈ বটা গ্ৰহণ কৰে বিমানবন্দৰটোৰ উপ-সভাপতি শান্তনু ঘোষে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি