মডেল হান্টাৰ বাইক মুকলি

0 297

গুৱাহাটী ছয় মাইলস্থিত দ্য ৰয়েল এনফিল্ডৰ শ্বৰুমত মটৰচাইকেল প্ৰেমীসকলৰ বাবে নতুন মডেল হান্টাৰ ৩৫০ মুকলি কৰা হয়। উন্নত মানদণ্ডৰ, চহৰৰ বাবে উৎকৃষ্ট নতুন মডেল ৩৫০ ত বহুতো নতুন বস্তু সংযোজন কৰা হৈছে। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত ৰয়েল এনফিল্ডৰ ৮০ টা আউটলেট উপলব্ধ কৰা হৈছে।

আজি, নতুন হাণ্টাৰ ৩৫০ মুকলি কৰি ৰয়েল এনফিল্ডৰ মুখ্য কাৰ্যবাহী বিষয়া বি গোবিন্দাজনে কয়, ৰয়েল এনফিল্ডৰ সৈতে আমি আমাৰ গ্ৰাহক আৰু সম্প্ৰদায়ৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছো।তেওঁলোকৰ আকাংক্ষা অনুসৰি আমি নিৰ্মাণ কৰা মটৰচাইকেল বোৰক তেনেদৰে আকাৰ দিব চেষ্টা কৰো আৰু আমি সদায় আমাৰ গ্ৰাহকৰ বাবে নতুন অভিজ্ঞতা আৰু উন্নত কৌশলৰ মটৰচাইকেলৰ নতুন বিন্যাস নিৰ্মাণ কৰিবলৈ বিচাৰি থাকো।”

বৰ্তমান, মুকলি হোৱা এই মডেল কেইটাৰ এক্স শ্ব’ ৰুম মূল্য ১,৩৯,৯০০ টকা, ১,৬৩,৯০০ টকা ১,৬৮,৯০০ টকা ধাৰ্য্য কৰা হৈছে।

Leave A Reply

Your email address will not be published.