পৰিৱেশ সংৰক্ষণ , প্ৰদূষণ ৰোধৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাণ্ডুঘাটলৈ এন চি চিৰ বায়ু শাখাৰ কেডেটৰ চাফাই অভিযান সজাগতা সমদল

0 887

নদীৰ পাৰত জমা হৈ থকা বা পানীত উটি ভাঁহি অহা পেলনীয়া আৱৰ্জনাই মানৱ জীৱনৰ লগতে জীৱ জন্তুৰো বিস্তৰ ক্ষতি সাধন কৰি আহিছে । এনে ধৰণৰ পৰিৱেশ প্ৰদূষণ ৰোধৰ চেষ্টাৰে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটে এক সমাজ সেৱামূলক আৰু সামূহিক উন্নয়নৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইউনিটৰ কমাণ্ডিং অফিচাৰ , গ্রুপ কেপ্তেইন ৰাজীৱ বিষয়েৰ নেতৃত্বত আজি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা ইউনিট কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰায় দুই কিঃমিঃ নিলগত থকা শৰাইঘাট দলঙৰ দক্ষিণ দিশত থকা পাণ্ডুঘাটলৈ কেডেট সকলে এক সজাগতা সমদল উলিওৱা হয় । ১০০ ৰো অধিক কেডেটে ভাগ লোৱা সমদলত কেডেট সকলে হাতে হাতে প্লে কাৰ্ড , বেনাৰ লৈ প্লাষ্টিক বৰ্জন কৰক , য’তে – ত’তে আৱৰ্জনা নেপেলাব , নৈৰ পাৰ পৰিস্কাৰ কৰক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে । আনহাতে পাণ্ডুঘাটত কেডেট সকলে নদীৰ পাৰত থকা প্লাষ্টিকৰ বটল , পেলনীয়া সামগ্ৰী , জাৱৰ – যোথৰ, আৱৰ্জনা সমূহ চাফ চিকুণ কৰাৰ লগতে সাধাৰণ নাগৰিকক ইয়াৰ অপকাৰীতাৰ বিষয়ে সজাগ কৰে । তেনেদৰে কেডেট সকলে উপস্থিত ৰাইজক আৱৰ্জনা সমূহ কিদৰে ডাষ্টবিনত পেলাব লাগে সেই সম্পৰ্কে বুজাই দিয়ে ।

Leave A Reply

Your email address will not be published.