অসম পৰ্যটন উন্নয়ন নিগমে পৰ্যটন ক্ষেত্ৰসমূহ প্ৰসাৰৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে।ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ জালান নগৰত চাহৰ সংগ্ৰহালয় স্থাপন, শিৱসাগৰত বৌদ্ধ বিহাৰ স্থাপন, বৰপেটাৰ সৰভোগত বাঘবৰ সত্ৰ নিৰ্মাণ আদিবোৰ অন্যতম ।অসমৰ অন্যতম তীৰ্থস্থান কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে বহুতো গঠনমূলক কাম কৰিছে।প্ৰসাদ আঁচনিৰ অধীনত প্ৰায় ৩০কোটি টকাৰ ব্যয় সাপেক্ষে খোৱাপানী ব্যৱস্থা, তীৰ্থযাত্ৰীৰ থকা গৃহৰ ব্যৱস্থা কৰিছে।উজান বজাৰৰ হনুমান মন্দিৰৰ সমীপৰ উদ্যানৰ পুখুৰীত চাফ চিকুণ কৰি ফুটপাথ আৰু ৰেলিঙৰ ব্যৱস্থা কৰিছে।আনহাতে কামৰূপৰ আমিনগাওস্থিত শৰাইঘাট উদ্যানত ৱাটাৰ স্কুটাৰ, চিকাৰা, স্পীড বোটৰ ব্যৱস্থা কৰিছে।অৱশ্যে ৮০শতাংশ কাম কাজে অগ্ৰগতি লাভ কৰিছে যদিও স্মাৰ্ট চিটি আওতাত এই প্ৰকল্পটো অধীন হোৱাৰ বাবে বৰ্তমানে কিছু স্থবিৰ হৈ পৰিছে।জানিব পৰা মতে গুৱাহাটীৰ লগতে হাফলং আৰু বঙাইগাঁৱতো পৰ্যটন ক্ষেত্ৰ সম্বন্ধিত কাম কাজ হৈছে।৪.৯৭ কোটিৰ সমান্তৰাল ধনৰাশি বহুখিনি কাম কাজ হৈছে ।অৱশ্যে প্ৰসাৰ আৰু প্ৰচাৰৰ অভাৱৰ পৰিপ্ৰেক্ষিতত বহুতে এই কাম কাজ সমূহৰ বিষয়ে বহুতে জ্ঞাত নহয় ।এনেধৰণৰ অনুসন্ধান মূলক প্ৰতিবেদন চাবলৈ লগ ইন কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কমক ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ