ফেশ্বন জগতত অসমীয়া যুৱতীৰ জয়যাত্ৰা

1 323

সকলো মানুহৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিভা থাকে। যিয়ে যিটো লাইনত উপযুক্ত হয়, সেইমতে আগবাঢ়িলেহে কৃতকাৰ্য্য লাভ কৰিব পাৰি। এই মন্তব্য ২০১৭ ৰ Oliva Bleach Miss Glowing Skin ৰ খিতাপ জয়ী ত্ৰিৱেণী বৰ্মনৰ। উল্লেখযোগ্য যে যোৱা ২৫ জুনত ত্ৰিৱেণী বৰ্মনে Fbb Miss India প্ৰতিযোগিতাত টপ ১৫ স্থান দখল কৰি অসমলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয়।

IMG-20170704-WA0007 - Copy - Copy

ত্ৰিৱেণীৰ এই যাত্ৰাৰ বিষয়ে আমাক এনেদৰে জনাই… মডেলিং জগতত প্ৰৱেশ কৰিছিলো ৭ বছৰৰ আগতে, এটা সাধাৰণ ফটো শ্বুটৰ পৰা মোৰ এই যাত্ৰা আৰম্ভণি ঘটিছিল। বিশেষকৈ Eclectic Model Hunt ত অংশগ্ৰহণ কৰি জয়ী হোৱাৰ বাবে যথেষ্ট উৎসাহিত হৈছিলো। যাৰ বাবে পৰৰ্বত্তী সময়ত বাংগালোৰত মডেলিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ গৈছিলো। উল্লেখযোগ্য যে ইয়াৰ পিছত ফেমিনা মিচ্ ইণ্ডিয়াত অংশগ্ৰহণৰ বাবে সুযোগ পাও। অসমৰ পৰা একমাত্ৰ মইয়ে নিৰ্বাচিত হও। প্ৰতিটো ৰাউণ্ডতে সফলতাৰে বিজয়ী হোৱাৰ পিছত ১৫ নং স্থানত Oliva Bleach Miss Glowing Skin ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হও।

PicsArt_07-04-05.04.42

উল্লেখযোগ্য যে ত্ৰিৱেণী বৰ্মনৰ ঘৰ গুৱাহাটী চেনীকুঠিত আৰু এই Miss India প্ৰতিযোগিতা মুম্বাইৰ যশৰাজ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল।

IMG-20170704-WA0009

ত্ৰিৱেণী বৰ্মনৰ মতে এয়া মোৰ যাত্ৰাৰ আৰম্ভণিহে আৰু বহু দুৰ আগুৱাব আছে। বহুতে মডেলিং লাইনটো বেয়া বুলি ক’ব খোজে, মই ভাবো বেয়া ভাল সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। ভবিষ্যতে মুম্বাইত প্ৰতিষ্ঠা হোৱাৰ সপোন আছে।

1 Comment
  1. Khandakar Asifa Yasmin says

    I am so proud of her. Nice to see the spirit.. I Hope she will fullfill her dream.. I am very mouch like Triveni barman.. God bless u… Never see back go ahead…….

Leave A Reply

Your email address will not be published.