বগীনদী শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক শিক্ষাৰ্থীক সম্বৰ্ধনা

0 276

গুণগত শিক্ষাদানেৰে শৃংখলাবদ্ধ জীৱন শৈলীৰ আদি পাঠ শিকায়  উৎকৃষ্ট মানৱ সম্পদ  গঢ়াৰ  নিৰলস আৰু সফল বৌদ্ধিক প্ৰয়াস  অব্যাহত ৰখা শংকৰদেৱ শিশু নিকেতন, বগীনদীৰ   উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা হয় কৃতিমানক সম্বৰ্ধনা অনুষ্ঠানৰ।   কদম মৌজাৰ  অন্তৰ্গত এই অগ্ৰণী শিক্ষানুষ্ঠানখনৰ পৰা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাত্ব প্ৰদৰ্শনেৰে উত্তীৰ্ণ  হৈ শিক্ষানুষ্ঠানখনৰ   লগতে সমগ্ৰ অঞ্চলটোলৈ  গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মুঠ ৪৫ গৰাকী কৃতিমান শিক্ষাৰ্থীক  দেওবাৰে  আনুষ্ঠানিক ভাৱে  মান্যতা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।  নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি  বিশিষ্ট নাগৰিক নলেন মুছাহাৰীৰ সঞ্চালনাত  অনুষ্ঠিত  মান্যতা প্ৰদান আৰু সম্বৰ্ধনা সভা শুভ উদ্ধোধন কৰা হয়  পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ,  সমাজ হিতৈষী ব্যক্তি কুশৰাম সোনোৱালৰ বন্তি প্ৰজ্বলনেৰে । প্ৰধানাচাৰ্য ঋষিৰাজ ঋজালৰ সহযোগিতাত আচাৰ্য ছবিলাল উপাধ্যায়ে আঁত ধৰা অনুষ্ঠানত  বিশ্বনাথ জিলাৰ গহপুৰ শিক্ষা নিকেতনৰ পৰিচালক, সঞ্চালক উদয়াদিত্য গোস্বামীয়ে মুখ্য অতিথি হিচাবে ,  গহপুৰ শিক্ষা নিকেতনৰ শৈক্ষিক পঞ্জীয়ক জয়ন্ত শইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে আৰু  বিশিষ্ট অতিথি হিচাপে অধ্যক্ষ ডঃ যুগল বৰাই সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত  শিক্ষক শিক্ষাৰ্থীৰ লগতে অভিভাৱকৰ কৰণীয়তা আৰু দায়িত্ববোধ সন্দৰ্ভত বিশ্লেষনাত্মক বক্তব্য আগবঢ়াই । নিকেতন পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ,বিশিষ্ট সাংবাদিক  মজিন সোণোৱাল, লখিমপুৰ জিলা বিভাগ প্ৰমুখ দুৰ্গা ভড়ালীৰ লগতে অভিভাৱক আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত সুশৃঙ্খলিত ভাবে  অনুষ্ঠিত সভাত বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মেধাত্বৰ চানেকি দাঙি ধৰা মুঠ ৪৫ গৰাকী শিক্ষাৰ্থীক নিকেতন পৰিয়ালৰ হৈ   ফুলাম গামোচা, প্ৰশস্তিপত্ৰ আৰু কলম উপহাৰ হিচাপে প্ৰদান কৰা  হয়।  তাৰোপৰি শিক্ষাৰ্থী সকলৰ লগতে  সৰ্বাধিক লেটাৰ নম্বৰ পাবলৈ সক্ষম হোৱা তিনিটা বিষয়ৰ তিনিগৰাকী আচাৰ্য আচাৰ্যা  ক্ৰমে  লক্ষী শইকীয়া, ৰূপম গগৈ আৰু ভৱজ্যোতি দলেকো পৰিচালনা সমিতিয়ে উষ্ণ সম্বৰ্ধনা জনায়।  
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.