কামৰূপ জিলাৰ বঙৰাৰ কৈটাসিদ্ধিত বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ, প্ৰবন্ধকাৰ, শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৌৰীকান্ত নাথৰ দ্বাৰা ৰচিত তথা “পৰাগজ্যোতি প্ৰকাশন”ৰ দ্বাৰা প্ৰকাশিত আজি “বৰঝাৰ বিমান বন্দৰৰ আদি আৰু আজি” শুভ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰি অসম লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তথা বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সম্পাদক ধৰণীধৰ নাথে কয় – বৰঝাৰ বিমান বন্দৰ বিষয়ক গ্ৰন্থখনি এক মাইলৰ খুটি হিচাপে বিবেচিত হ’ব। গ্ৰন্থখনিয়ে নতুন প্রজন্মক চকু মেল খুৱাব। অতিথি পৌৰ নিগমৰ অৱসৰপ্ৰাপ্ত উপ অনুজ্ঞাপন বিষয়া গজেন চন্দ্র দাসে কয়-বৰঝাৰ বিষয়ক ইতিহাস সম্পর্কীয় গ্ৰন্থখনিয়ে ছাত্র-ছাত্ৰী, সমাজৰ সকলো স্তৰৰ লোকৰ বাবে এক আপুৰুগীয়া দলিল হ’ব। বহুভাষিক সাহিত্য মঞ্চ, অসমৰ চমুকৈ প্ৰধান সম্পাদক তথা সাংবাদিক, লেখক দীপক শৰ্মাই কয়- এখন গ্ৰন্থই এটি সভ্যতা ধৰি ৰাখিব পাৰে। গ্ৰন্থ এখনৰ জন্ম বেদনা আৰু এটি সন্তানৰ জন্ম বেদনা একে। এগৰাকী মাতৃয়েহে বুজে সন্তানৰ জন্মৰ আনন্দ। লেখক- লেখিকাই বুজে গ্ৰন্থৰ জন্মৰ আনন্দ। গৌৰীকান্ত নাথৰ গ্ৰন্থখনিয়ে এখন বহল ইতিহাস। এই গ্ৰন্থখনিয়ে অসম, ভাৰত, বিশ্বৰ বাবে আপুৰুগীয়া গ্ৰন্থ। উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ স্বৰূপ বৰঝাৰ বিমান বন্দৰৰ ইতিহাস এই গ্ৰন্থখনিয়ে দাঙি ধৰিছে। সকলো ধৰণৰ ইতিহাস সম্পর্কীয় ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক, সাহিত্যিক, সাংবাদিক সকলৰ বাবে এখনি সংৰক্ষণ কৰিবলগীয়া গ্রন্থ। সভাত কৈটাসিদ্ধি ৰাইজ গয়ৰহৰ সভাপতি প্ৰদীপ নাথ, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, ৰাষ্ট্ৰীয় স্বয়ং স্বেৱক সংঘৰ গুৱাহাটী মহানগৰৰ সহ: গ্ৰাম বিকাশ প্ৰমুখ সীমান্ত দাস, শ্ৰমিক সেনাৰ সভাপতি তথা কবি শিৰষ দাস, কৈটাসিদ্ধি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিমলা দেৱী নাথ প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰি গ্ৰন্থ অধ্যয়ন লগতে গ্ৰন্থৰে জনপ্রিয় হোৱাৰ গুণ আদিৰ ওপৰত গভীৰ ভাৱে আলোচনা কৰে। সভাত লেখক গৌৰীকান্ত নাথেও বক্তব্য দাঙি ধৰে।
Trending
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন