বডো জনগোষ্ঠীৰ বাবে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই আগবঢ়াই যোৱা অৱদানক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনাই দিল্লী পৌৰ নিগমে দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গৰ এটা অংশৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাপে নামাকৰণ কৰিব। আজি নতুন দিল্লীত অৱস্থিত এক সংবাদ মেলত এই কথা ঘোষণা কৰা হয়। উল্লেখ্য যে বডো জনগোষ্ঠীৰ পিতৃ হিচাপে পৰিচিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আছিল এজন দূৰদৰ্শী নেতা আৰু সমাজ সংস্কাৰক যিয়ে বডো সম্প্ৰদায়ৰ অধিকাৰ, পৰিচয়, আৰু উত্থানৰ বাবে অক্লান্তভাৱে কাম কৰিছিল। ২০২৫ চনৰ ১ মে’ত নতুন দিল্লীৰ কৈলাশ কলনীত এই অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বডোলেণ্ডৰ মন্ত্ৰী উৰ্খাও গ্ৱৰা ব্ৰহ্ম, এবছুৰ সভাপতি দিপেন বড়ো আদিকে ধৰি বহু সংখ্যক গণ্য মান্য লোক অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব । উল্লেখ্য যে নাম সলনি কৰিব বিচৰা ৮৩৫ মিটাৰ দীঘল আৰু ৫০ ফুট বহল এই পথটো কৈলাশ কলনী মেট্ৰ’ ষ্টেচনৰ ওচৰত অৱস্থিত আৰু এই পথটো বডোলেণ্ড গেষ্ট হাউছৰ কাষেৰে পাৰ হৈ যায়। ইয়াৰ সমান্তৰালকৈ কৈলাশ কলনীৰ ঘূৰণীয়া পথত উন্মোচন কৰা হ’ব বডোফাৰ প্ৰতিমূৰ্তি। অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হব । এই সন্দৰ্ভত বডোফাৰ স্মৃতিত এবছুৱে ১ মে’ৰ, বিয়লি ৫.৩০ বজাত সমগ্ৰ বিটিআৰ আৰু অসমৰ প্ৰতিটো ঘৰ, ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদমেল সম্বোধন কৰি সদৌ বডো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে কয় যে, “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই মানুহে মৰ্যাদাসহ জীয়াই থকাৰ লগতে নিজকে সুৰক্ষিত ৰাখিব পৰাকৈ এখন সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।” তেওঁৰ ধাৰণাসমূহে নতুন প্ৰজন্মৰ মাজত শান্তিপূৰ্ণ জীৱন যাপন আৰু সামূহিক প্ৰগতিৰ দিশত উচিত পথ প্ৰদৰ্শন কৰি আহিছে। দেশৰ ৰাজধানীৰ মাজমজিয়াত এটা পথৰ নামকৰণ আৰু তেওঁৰ প্ৰতিমূৰ্তি স্থাপন আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। ই তেওঁৰ কৰ্ম আৰু আদৰ্শৰ প্ৰতি স্থায়ী শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হৈছে। এবছু আৰু বডোসকলৰ দীৰ্ঘদিনীয়া দাবী আগবঢ়াই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথোচিত পদক্ষেপ আৰু সহায় সহযোগ আগবঢ়োৱাৰ বাবে ই সম্ভৱ হৈ উঠিল আৰু সেইবাবে তেখেতসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ২০২৪ চনৰ ৬ ডিচেম্বৰত নতুন দিল্লীৰ সংসদ ভৱনত সদৌ বডো ছাত্ৰ সন্থাই দাখিল কৰা স্মাৰক পত্ৰ আৰু কোকৰাঝাৰ দোটমাত অনুষ্ঠিত ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত উপেন্দ্ৰ নাথ ব্ৰহ্ম মাৰ্গ আৰু প্ৰতিমূৰ্তিৰ নামকৰণৰ ঘোষণাৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৬ মাৰ্চ, ২০২৫ ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাবেই এই কাৰ্য সম্ভৱ হৈ উঠিল। এই কথা দিপেন বড়োৱে কয়।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে