জালুকবাৰী আৰু ডিমৰীয়াৰ পিছত আজি নিউ গুৱাহাটী সমজিলাৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হ’ল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচী। আজি পুৱাৰ ভাগত সমজিলাৰ কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে পৰিবহণ বিভাগৰ এই ব্যতিক্ৰমী কাৰ্যসূচী মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সাত্তাৱানে ৷ বন্তি প্ৰজ্বলন আৰু সেৱা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা,সমজিলাৰ আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ, অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকন, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী আঞ্চলিক পৰিবহণ সচিব তামচিন আফটাব, পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু এডিচিপি মৃন্ময় গোস্বামী আদি বিশিষ্ট ব্যক্তিসকল ৷ পৰিবহণৰ জনসেৱা কাৰ্যসূচী মুকলি কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে “নতুন বাহন ক্ৰয় কৰাৰ পিছত নথিপত্ৰ বনোৱাৰ বাবে এতিয়া কোনো লোক পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ যাব নালাগে । ঘৰতে বহি অনলাইনযোগে সকলো কাম সমাধা কৰাৰ বাবে অসম চৰকাৰে যাবতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে ৷ সামাজিক মাধ্যম ব্যৱহাৰৰ অভিজ্ঞতা থকাসকলে এতিয়া যানবাহন বিষয়ক ৫৫টাতকৈয়ো অধিক সেৱা ঘৰতে বহিয়ে লাভ কৰিব পৰা হৈছে ৷ সেয়ে যিসকল লোকে এতিয়াও এই সেৱাসমূহ বিভিন্ন কাৰণত ঘৰতে বহি লাভ কৰিব পৰা নাই তেওঁলোকক পৰিবহণ বিভাগে গ্ৰহণ কৰা জনসেৱা কাৰ্যসূচীৰ সুবিধা লাভ কৰি যানবাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ সমাধান কৰি ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায় ৷ অনুষ্ঠানত উপস্থিত থাকি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে গুৱাহাটী মহানগৰীত কামৰ পৰিসৰ বৃদ্ধি পোৱা বাবে চৰকাৰে এতিয়া প্ৰশাসনযন্ত্ৰক ৰাইজৰ ওচৰলৈ লৈ গৈছে, চাৰিখনকৈ সমজিলা মুকলি কৰি দিছে । কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়েও কাম-কাজসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই নি ৰাইজক সকাহ দিয়াৰ লক্ষ্য স্থিৰ কৰিছে । অনুজ্ঞাপত্ৰ নৱীকৰণ, কৰ পৰিশোধ, ফিটনেছ-পাৰ্মিট আদি সঠিক কৰাত কিবা অসুবিধাৰ সন্মুখিন হৈছে নেকি আদি ৫৫টাতকৈ অধিক সংস্পৰ্শবিহীন সেৱা লাভত সন্মুখীন হোৱা আসোঁৱাহ দূৰীকৰণৰ বাবে পৰিবহণ বিভাগে এই কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা তেওঁ উল্লেখ কৰে । তদুপৰি ৰাইজে যাতে সকলো ক্ষেত্ৰতে পৰ্যাপ্ত সেৱা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনবিলাকত পথ সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্যৰে এই বিশেষ সেৱা কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে দোহাৰে । অনুষ্ঠানত উপস্থিত থাকি জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে বনভোজকে ধৰি নৱবৰ্ষ উদযাপনৰ সময়চোৱাত কোনোৱে যাতে যানবাহন আইন উলংঘা কৰি আনন্দময় পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰবাবে মহানগৰীৰ অলিয়েগলিয়ে দিনেনিশাই নিছিদ্ৰ তালাচীৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে।
উল্লেখ যোগ্য যে “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীত আজি যানবাহন পৰিদৰ্শক পূৰ্ণিমা তাছাৰ নেতৃত্বত পৰিবহণৰ সহায়কাৰী বিষয়াৰ দলে নিউ গুৱাহাটী সমজিলাৰ ব্যক্তিগত, বাণিজ্যিক আদি বিভিন্ন বাহনৰ নথিপত্ৰ বিষয়ক কেইবা শতাধিক ওজৰ আপত্তিৰ নিষ্পত্তি তথা বিভিন্ন সমস্যাৰ তাৎক্ষণিকভাৱে সমাধান কৰা হয়।এই কাৰ্যসূচী অহা ২৭ ডিচেম্বৰতো নিউ গুৱাহাটী সম জিলাত উপলব্ধ হ’ব।