বন্তিমনিৰ প্ৰচেষ্টা

0 282

জীৱনৰ আশাবোৰে যেতিয়া লুকা ভাকু খেলে তেতিয়া মনটো দোমোজাত ভৰি পৰে। ঠিক এনে দোমোজাৰ মাজেৰে জীৱনটো কিবা এটা কৰাৰ হেঁপাহেৰে অগ্ৰসৰ হৈছে ধেমাজিৰ এগৰাকী যুৱতীয়ে। ধেমাজিৰ টকৌবাৰীৰ বন্তিমনি চুতীয়া নামৰ যুৱতীগৰাকীয়ে ওলোটাকৈ আখৰ লিখি বিশ্ব ৰেকৰ্ডৰ সপোন দেখিছে। বিৰল প্ৰতিভা গৰাকী বন্তিমনিয়ে পঞ্চম শ্ৰেণীৰ পৰাই ওলোটাকৈ আখৰ লিখা আৰম্ভ কৰিছিল।

ইতিমধ্যে আব্দুল কালামৰ আত্মজীৱনী, নবেল বঁটা বিজয়ী ভাৰতীয় দীনদয়াল উপাধ্যায়ৰ গ্ৰন্থ ওলোটাকৈ লিখি উলিয়াইছে। বন্তিমনিৰ এনে প্ৰতিভাৰ প্ৰতি সন্মান জনাই বিভিন্ন দল, সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰিছে। উল্লেখ্য যে বন্তিমনিয়ে লিখা প্ৰতিটো বাক্য দাপোনত যদি চোৱা হয় সাধাৰণভাৱে স্পষ্ট ৰূপত দেখা পোৱা যায়। বন্তিমনিৰ আশা ধৰ্মীয় গ্ৰন্থ অনুৰূপভাৱে লিখি বিশ্ব ৰেকৰ্ড কৰিব। বন্তিমনিৰ এই প্ৰচেষ্টাৰ বাবে Nefocus.comৰ ফালৰ পৰা শুভেচ্ছা জনালো।

Leave A Reply

Your email address will not be published.