বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলত দুদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত ১৮ নৱেম্বৰত এটা হাতীৰ জাকৰ দলপতি মখনাৰ গাত ৰেডিঅ’ ক’লাৰ স্থাপন কৰিবলৈ সক্ষম হয় বাক্সাৰ বন সংমণ্ডল বিষয়া। ইয়াৰ ফলত হাতীৰ জাকটোৰ গতিবিধি উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰিবলৈ সক্ষম হ’ব জিলা প্ৰশাসনৰ লগতে বন বিভাগ, যাৰ বাবে জনাঞ্চলত হাতীৰ উপস্থিতি আগতীয়াকৈ গম পোৱা যাব। ৰেডিঅ’ ক’লাৰিং প্ৰকল্পটো হৈছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ। ৰেডিঅ’ ক’লাৰিং প্ৰকল্পত হাতীৰ জাকটোৰ গতিবিধি লক্ষ্য কৰিবৰ বাবে “অপাৰেছন ৰেডিঅ’ ক’লাৰিং প্ৰকল্প”ৰ সৈতে জড়িত আছে বাক্সা জিলাৰ জিলা বন বিষয়া, পদ্মশ্ৰী কুশল কুমাৰ শৰ্মা আৰু মানস টাইগাৰ ৰিজাৰ্ভৰ বন পশু চিকিৎসা বিষয়া ডাঃ বি চৌধুৰী। বাক্সা, তামুলপুৰ আৰু নলবাৰী জিলা প্ৰশাসনে বন বিভাগক “অপাৰেছন ৰেডিঅ’ ক’লাৰিং প্ৰকল্প” সফলতাৰে সম্পন্ন কৰিবলৈ সহযোগিতা আগবঢ়ায়। বাক্সা-তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুকৰ দলঙৰ ওচৰত ১৮ নৱেম্বৰত মতা হাতীটোক ট্ৰেংকুলাইজ্ড কৰি ৰেডিঅ’ ক’লাৰিং সফলতাৰে সম্পন্ন কৰা হয়। ৰেডিঅ’ কলাৰিঙৰ খৰচ সামগ্ৰিকভাৱে ৭-৮ লাখ টকা, যিটো জিলা প্ৰশাসনে বহন কৰাটো অসম্ভৱ। সেয়ে যোৱা ১৪ নৱেম্বৰত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাত তামুলপুৰ জিলা প্ৰশাসনে গুৱাহাটীৰ আই আই টিৰ সৈতে বন্যহস্তী অথবা যিকোনো বন্যপ্ৰাণীৰ সন্ধানৰ বাবে কম খৰচী থলুৱা ৰেডিঅ’ ক’লাৰ নিৰ্মাণৰ বাবে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যদি সেয়া সম্ভৱ হয়, তেন্তে হস্তী-মানুহৰ সংঘাত বহু হ্ৰাস পাব। উল্লেখ্য যে চলিত বৰ্ষত জিলাখনৰ কুমাৰীকাটা বনাঞ্চলত ৪গৰাকী লোকৰ হাতীৰ আক্ৰমণত প্ৰাণহানি হোৱাৰ উপৰি এগৰাকী লোক আহত হৈছিল।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem