সম্প্রতি বান বিধ্বস্ত গঞাক এধানি সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্ন বেচৰকাৰী দল-সংগঠনে তৎপৰতা অৱলম্বন কৰি থকাৰ সমান্তৰালকৈ আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বাউসী গাওঁৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাজত কিছু সাহায্য সামগ্ৰী বিতৰণ কৰে । বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা , মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা , জনসম্পৰ্কৰক্ষী বিষয়া ভৈৰৱ বৰুৱা , মুখ্য কাৰিকৰী বাণিজ্যিক বিষয়া অতুল সান্দিল্য আৰু মুখ্য গনমাধ্যম বিষয়া ৰুমা দেৱী বাউসী গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল , আটা , চেনী , চাহপাত , বিস্কুট , গাখীৰ , আলু , নিমখ , হালধি , চিৰা , মুৰী , চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে। অনুষ্ঠানত বিশেষভাবে সহযোগিতা আগবঢ়াই গাঁও প্ৰধান নৃপেন পাটোৱাৰীয়ে।আদানী ফাউণ্ডেচনৰ এনে মহান পদক্ষেপক বাউসী গাঁৱৰ বন্যাৰ্ত গঞাই কৃতজ্ঞতা জ্ঞাপন কৰে ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা