বন অধিকাৰ আইন ২০০৬ অনুসৰি ঢেকিয়াজুলিৰ ১৩০১টা খিলঞ্জীয়া জনজাতীয় পৰিয়াললৈ ভূমি পট্টা বিতৰণ

0 266

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বন অধিকাৰ আইন, ২০০৬ অনুসৰি শোণিতপুৰ জিলাৰ ১৩০১ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমিৰ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম তথা বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত আজিৰ অনুষ্ঠানত ১৩ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে পট্টা বিতৰণৰ জৰিয়তে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷

ঢেকিয়াজুলি সমষ্টিৰ চুদেমজুলি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে বনাঞ্চলৰ পাদদেশৰ বনগাঁও বা টঙীয়া গাঁৱত বসবাস কৰি থকা ৰাজ্যৰ ভূমিপুত্ৰ জনজাতীয় ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰত্যাশা পূৰণ কৰি ৰাজ্য চৰকাৰে আজি ঢেকিয়াজুলি সমষ্টিৰ তেৰ শতাধিক পৰিয়ালক ভূমি পট্টা প্ৰদানেৰে এক মহান দায়িত্ব পালন কৰিলে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্ব আৰু বিশেষ তৎপৰতাত এই কাম সম্ভৱ হৈ উঠিল বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখন শাসনলৈ অহাৰ পাছতেই বন অধিকাৰ আইন, ২০০৬ ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ খিলঞ্জীয়া ৰাইজক ভূমিৰ অধিকাৰ দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা হৈছে৷ বন অধিকাৰ সমিতি গঠনৰ মাধ্যমেৰে ইয়াৰ সদস্যসকলৰ জৰিয়তে ক্ষেত্ৰ পৰ্যায়ত এই আইনৰ সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে অহৰহ তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে৷ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীকেই ভূমি পট্টা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে অহা মাহত আন ৬০০-৭০০ গৰাকী ব্যক্তিক পট্টা প্ৰদান কৰা হ’ব আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব৷

বড়োভূমিলৈ স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা শক্তিশালী পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে ২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ জৰিয়তে চৰকাৰে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে হাতত অস্ত্ৰ লৈ থকা সকলো যুৱক-যুৱতীক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ সক্ষম হ’ল৷ শান্তি অবিহনে উন্নয়ন কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসনৰ উমৈহতীয়া প্ৰচেষ্টাত এতিয়া বড়োভূমিৰ ৰাইজে উন্নয়নৰ বাটত দোপতদোপে আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷

বিগত সময়ছোৱাত ঢেকিয়াজুলি সমষ্টিৰ ৰাইজৰ প্ৰতি প্ৰদৰ্শন কৰা মৰম আৰু বদান্যতাৰ বাবে সমষ্টিটোৰ বিধায়ক হিচাপে তেওঁ মুখ্যমন্ত্ৰীলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে৷

সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী ইউ জি ব্ৰহ্মই কয় যে নিজৰ ভূমিৰ অধিকাৰ বিচাৰি অঞ্চলটোৰ ৰাইজে কৰা এক দীঘলীয়া সংগ্ৰামৰ আজি সামৰণি পৰিল৷ এই পদক্ষেপৰ বাবে তেওঁ চৰকাৰ তথা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে৷ এই ভূমি যাতে কোনো কাৰণতে ভুল ব্যক্তিৰ হাতলৈ নাযায়, তাৰবাবেও সচেষ্ট হ’বলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়৷

অনুষ্ঠানত প্ৰদান কৰা বক্তব্যত বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৱে কয় যে দীৰ্ঘ সংগ্ৰামৰ অন্তত জনজাতীয় ৰাইজে আজি মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ’ল৷ এই মহান পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে বাস্তৱসন্মত সিদ্ধান্ত গ্ৰহণেৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা তৎপৰতাৰ বাবে তেওঁ ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে৷

অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কৰ বিশেষ উদ্যোগত দীঘলীয়া প্ৰশাসনিক প্ৰক্ৰিয়াৰ জৰিয়তে ২০০৮ চনৰ পিছত আজি পুনৰ ১৩০১ গৰাকী লোকক পট্টা প্ৰদান কৰিব পৰা গ’ল৷ অঞ্চলটোৰ দহখনকৈ বন অধিকাৰ সমিতিৰ সক্ৰিয় সহযোগিতা অবিহনে এয়া সম্ভৱ হৈ নুঠিলহেতেন বুলি উল্লেখ কৰি তেওঁ এই সহযোগিতাৰ বাবে সমিতিসমূহলৈ ধন্যবাদ জ্ঞাপন কৰে৷ জিলাখনৰ অন্যান্য যোগ্য হিতাধিকাৰীসকলকো পৰ্যায়ক্ৰমে পট্টা প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

আজিৰ অনুষ্ঠানত বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো আৰু সমাজকৰ্মী বাটাছ ওৰাঙকে প্ৰমুখ্য কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়ববীয়াসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.