বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বন ভূমিত বসবাস কৰা লোকক ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান কৰিলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী মন্ত্ৰী অশোক সিংহলে। বন অধিকাৰ আইন ২০০৬ ৰ অধীনত বিশ্বনাথ জিলাৰ ২১৪৫ গৰাকী লোকক ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান কৰিলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চন মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে। উল্লেখ্য যে বিশ্বনাথ জিলাৰ ৮২ খন বন অধিকাৰ সমিতিৰ অধীনত বিশ্বনাথ সমষ্টিৰ ১৩৩৬ গৰাকী,গহপুৰ সমষ্টিৰ ১৫৭ গৰাকী,নদুৱাৰ সমষ্টিৰ ৫০৯ গৰাকী আৰু বিহালী সমষ্টিৰ ১৪৩ গৰাকী দাবীদাৰক আজি ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
বৰ্তমানলৈকে বিশ্বনাথ জিলাত বন ভূমিত ভুমিৰ স্বত্ব প্ৰমাণ পত্ৰ লাভ লোকৰ সংখ্য হৈছে সৰ্বমুঠ ১১,৯৮২ গৰাকী।
এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কৈ যে আপোনালোকে বহুত দিন ধৰি আজিৰ এই দিনটোলৈ অপেক্ষা কৰিবলগা হল।খিলঞ্জীয়া ভূমি পুত্ৰ সকলক ইমান দিন বঞ্চিত কৰা হৈছিল । যোৱা দহটা বছৰত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰে যুগ যুগ ধৰি জংঘলক সুৰক্ষা প্ৰদান কৰি সভ্যতা সংস্কৃতি ৰক্ষা কৰা খিলঞ্জীয়া ভূমি পুত্ৰ সকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হয় বুলি তেওঁ মন্তব্য কৰে। আজি জনজাতীয় লোক সকলৰ মৰ্য্যদা,সন্মান দিযাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ কাম হাতত লৈছে বুলিও তেঁও কয়। ৰাজ্য চৰকাৰৰ প্ৰতি খন কেবিনেটত জনজাতীয় লোক সকলক আগুৱাই নিয়াৰ বাবে আলোচনা হয়।এইবোৰৰ মাজত মূল সমস্যা আছিল ভুমিৰ অধিকাৰৰ সমস্যা। ৰাজ্য চৰকাৰে বন অধিকাৰ আইন ২০০৬ ৰ অধীনত খিলঞ্জীয়া ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ বাবে অহৰহ প্ৰচেষ্টা কৰি আজি বাস্তব ৰূপ দিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। আজি ভূমিৰ অধিকাৰ লাভ কৰা লোক সকলক কোনেও বেদখলকাৰী বুলি কব নোৱাৰিব।ভুমিৰ অধিকাৰ নথকা বাবে বহুতো চৰকাৰী আচঁনিৰ সুবিধাৰ পৰা জনজাতীয় লোক সকল বঞ্চিত হৈ আছিল। আজিৰ পৰা সেই সমস্যা দুৰ হল বুলি তেওঁ কয়। এই অঞ্চলৰ বড়ো লোক সকল নতুন নহয়।ইতিহাস অধ্যয়ন কৰিলে দেখা যায় অবিভক্ত শোণিতপুৰ জিলা এসময়ত বান ৰজাই শাসন কৰিছিল। বান ৰজা আছিল বড়ো সম্প্ৰদায়ৰ সেই কথা বহুতে নাজানে।আমাৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণৰ দিনৰে পৰা ৰাজ্যৰ থলুৱা আৰু খিলঞ্জীয়া লোক সকলৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়াৰ লগতে সেইসমূহ সুৰক্ষিত কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে।
তেওঁ কয় যে আপোনালোকে বনাঞ্চলত থাকে মানুহৰ লগত প্ৰকৃতিৰ যিটো সম্পৰ্ক সেই কথা জনজাতীয় লোক সকলৰ বাহিৰে আনবোৰ মানুহে ভালদৰে নাজানে।
তেওঁ মন্তব্য কৰে যে আদিম যুগৰ পৰা প্ৰকৃতিক ঈশ্বৰ হিচাপে জ্ঞান কৰি পূজা কৰি অহা লোক সকলে প্ৰকৃতিক নষ্ট কৰিব নোৱাৰে। আজি আমি সংকল্প লব লাগিব প্ৰকৃতিৰ লগত সহবাস কৰি আগবাঢ়িব লাগিব,আমাৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰিব লাগিব।আমি সকলোৱে মিলি এখন সুৰক্ষিত,বিকশিত আৰু এখন স্বাৱলম্বী অসম গঢ় দিয়াৰ বাবে সকলোৱে একগোট হৈ কাম কৰিব লাগিব বুলি তেওঁ কয়।
বন অধিকাৰ আইন ২০০৬ অধীনত অসমৰ খিলঞ্জীয়াসকলক সামাজিক আৰু সাংস্কৃতিক দিশত সুৰক্ষিত কৰিবলৈ এয়া অসম চৰকাৰৰ এক অভিনৱ পদক্ষেপ বুলি মন্ত্ৰী অশোক সিংহলে মন্তব্য কৰে।
ভূমিৰ অধিকাৰ অবিহনে কোনো জাতিৰ স্বাৰ্থ আৰু অধিকাৰ কেতিয়াও সুৰক্ষিত নহয়। সেয়েহে চৰকাৰ গঠন কৰাৰে পৰা আমি ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ মাটি ভেটি সুৰক্ষিত কৰিবলৈ নিষ্ঠাৰে পদক্ষেপ লৈ আহিছোঁ বুলি তেওঁ কয়।
আজিৰ এই সভাত বিধায়ক সকলক প্ৰমোদ বৰঠাকুৰ,উৎপল বৰা, দিগন্ত ঘটোৱালৰ উপৰি জিলা পৰিষদৰ অধ্যক্ষা সুনিতা তাঁতী,জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস,আৰক্ষী অধীক্ষক শুভাষিশ বৰুৱা, সম জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস আৰু লুকুমনি বৰা প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
আনহাতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে সাকোমাথা বোৱতী জলসিঞ্চন আঁচনিৰ পুনৰ নিৰ্মাণ কৰি ৰাইজৰ সেৱাত মুকলি কৰে। ৩.৩০ কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা এই আচনিখনৰ জৰিয়তে ৮০০ হেক্টৰ কৃষি ভূমিত বাৰ মাহে পানী যোগান ধৰাৰ লক্ষ্য ৰখা হৈছে।
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ৭৭/৭৮ আৰম্ভ কৰা এই আঁচনিখন পৰবৰ্তী পৰ্যায়ত এই আঁচনি বিকল হোৱাত ২০২৪/২৫ বৰ্ষত ৩.৩০ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন পুনৰ নিৰ্মাণ কৰা হয় আৰু আজি কৃষক ৰাইজৰ সেৱাত মুকলি কৰিলোঁ।তেওঁ কয় যে জলবায়ু পৰিবৰ্তনে অসমতো বহুতো সমস্যা সৃষ্টি কৰিছে। বিশেষকৈ শোণিতপুৰ,বিশ্বনাথ অঞ্চলত পানীৰ নাটনি হোৱাৰ ফলত কৃষক ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।তেওঁ লগতে কয় যে বিগত চাৰে চাৰি বছৰত ৰাজ্য চৰকাৰে জলসিঞ্চনৰ নতুন আঁচনি লোৱাৰ পৰিবৰ্তে আঁচনি সমূহ পুনৰ নিৰ্মাণt গুৰুত্ব আৰোপ কৰি আহিছে।ফলত বিভাগে বিকল হৈ থকা আঁচনি সমূহ কাৰ্যক্ষম কৰি তোলাত সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে জিলা আয়ুক্তক জলসিঞ্চন আৰু কৃষি বিভাগৰ লগত যুটীয়া বৈঠক অনুষ্ঠিত কৰি কৃষক ৰাইজে যাতে এই আঁচনিৰ জৰিয়তে পানী পাবলৈ সক্ষম হয় সেইটো নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।তেওঁ পানী ব্যৱহাৰ সমিতি গঠন কৰি আঁচনিখনৰ গেট খোলা,কিমান পানী এৰা হব আদি ব্যৱস্থাত পানী ব্যৱহাৰ সমিতিৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।তেওঁ লগতে কয় যে পানী ব্যৱহাৰ সমিতি সক্ৰিয় হৈ নাথাকিলে জলসিঞ্চন আঁচনিৰ লাভ কৃষক ৰাইজে লব নোৱাৰে ।এই আঁচনিখন যাতে বিকল হৈ নাযায় তাৰবাবে বিভাগৰ সকলো বিষয়া কৰ্মচাৰী আৰু ৰাইজৰ সহযোগিতাৰে আঁচনিখন জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়।প্ৰতি সাত দিনৰ মূৰে মূৰে আঁচনিখন পৰিদৰ্শন কৰিবলৈ তেওঁ বিভাগক নিৰ্দেশ দিয়ে।আহি থকা দিনবোৰত ডাঙৰ প্ৰকল্পৰ জৰিয়তে অসমৰ প্ৰতিটো খেতি পথাৰত পানী যোগান ধৰা মুখ্যমন্ত্ৰীৰ যিটো সপোন আছে তাৰ লক্ষ্য আগত ৰাখি কাম কৰি আছোঁ বুলি তেওঁ মন্তব্য কৰে।
আজিৰ এই সভাত বিধায়ক প্ৰমোদ বৰঠাকুৰ, দিগন্ত ঘটোৱাৰ উপৰি জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস,আৰক্ষী অধীক্ষক শুভাষিশ বৰুৱা প্ৰমুখ্যে বিভাগৰ শীৰ্ষ বিষয়া সকল আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।