বন মহোৎসৱ শুভাৰম্ভ কৰিলে বন মন্ত্ৰীয়ে

0 222

অসম চৰকাৰৰ বনবিভাগৰ উদ্যোগত ১ জুলাইৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল ৬৯ সংখ্যক বন মহোৎসৱ সপ্তাহ। দেওবাৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলত এজোপা ঔ টেঙা গছ ৰোপন কৰি বন মহোৎসৱ সপ্তাহ কাৰ্য্যসূচী শুভাৰম্ভ কৰে অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই উপলক্ষে অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান, মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এন কে বাসুৰ আদৰণী ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে ভাগ লৈ বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে গছ থাকিলেহে মানুহ থাকিব। সৃষ্টি থাকিব আৰু বৰষুণ হ’ব। বৰষুণ নোহোৱা পৃথিৱীখন আমি কল্পনা কৰিবই নোৱাৰো। যেনেদৰে গছে আমাক অক্সিজেন দিয়ে আৰু সেই অক্সিজেনৰ বাবে মানুহ আৰু জীৱ-জন্তু বাচি আছে। মুখ্য মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আমি এইবাৰ বন মহোৎসৱ সপ্তাহ ৰাজ্যৰ ১২৬ টা সমষ্টিত স্থানীয় বিধায়কসকলৰ সহযোগত অনুষ্ঠিত কৰা হ’ব।

বন বিভাগৰ ফালৰ পৰা প্ৰতিটো সমষ্টিতে একোখনকৈ গাঁও প্ৰতিপালনৰ বাবে নিৰ্বাচিত কৰা হ’ব। সেই গাঁওসমূহত কমেও বিভিন্ন প্ৰজাতিৰ প্ৰায় এক হাজাৰ গছৰ বুলি ৰোপন কৰি প্ৰতিপালনৰ ব্যৱস্থা কৰা হ’ব। তেনেদৰে বন ধ্বংস কাৰ্যত লিপ্ত থকাসকলক চিনাক্ত কৰি তেওঁলোকক জেললৈ প্ৰেৰণ কৰা আৰু অবৈধভাৱে চলি থকা কাঠৰ মিলসমূহ চীল কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে প্লাষ্টিক বৰ্জন কৰি ব্যাপক হাৰত গছ পুলি ৰোপনৰ বাবেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্দেশ দিয়া বুলি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদৰী কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে ভাগ লৈ অসম চৰকাৰৰ ৰাজ্যিক বন মন্ত্ৰী নৱ কুমাৰ দলেয়ে কয় যে আমি এখন সেউজ আৰু প্ৰদূষণমুক্ত সমাজ গঢ়াৰ বাবে সকলোৱে হাতে কামে কাম কৰিব লাগিব। ইয়াৰ বাবে ৰাইজ, বনবিভাগ, বিভিন্ন এন জি অ’ৰ সকলোৱে হাতত হাত ধৰি গছ পুলি ৰোপনৰ বাবে হাতে কামে লাগিলেহে এখন সেউজীয়া অসমৰ কথা চিন্তা কৰিব পাৰি। অনুষ্ঠানত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ভাষণ প্ৰসংগত আক্ষেপ কৰি কয় যে মানুহে নিজৰ জ্ঞাতে অজ্ঞাতে বন ধ্বংস কৰি নিজৰ লগতে জীৱ জগতৰ বাবেও অনিষ্ট সাধন কৰি আহিছে। প্ৰকৃতিক ধ্বংসৰ পৰা ৰক্ষা আৰু পৃথিৱীখনক বসবাসৰ উপযোগী কৰি ৰাখিবলৈ হ’লে ব্যাপক হাৰত গছ-গছনি ৰোপনৰ বাহিৰে আন কোনো বিকল্প নাই।

আনহাতে সাংবাদিক মধুমিতা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত বনবিভাগৰ মুখ্য সংৰক্ষক এছ কে শ্ৰীবাস্তৱ, ৰঞ্জনা গুপ্তা আৰু এ এম সিং, মুখ্য বন সংৰক্ষক হৃদেশ মিত্ৰ, এছ কে ডালিয়া, সত্যেন সিং, পূৱ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰাজীৱ বৰুৱা, উপ বন সংৰক্ষক প্ৰদীপ্ত বৰুৱা, নাৰায়ন মহন্ত আৰু দিলীপ কলিতাকে ধৰি বনবিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। ইয়াৰ উপৰিও বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি অনুষ্ঠানত প্ৰকৃতি বিষয়ক কেইবাটাও গীত পৰিৱেশন কৰে সংগীত শিল্পী কৃষ্ণমনি নাথে। আনহাতে ছাত্ৰ-ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ কৰি কাৰ্য্যসূচী শুভাৰম্ভ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু নৱ কুমাৰ দলেয়ে।        

Leave A Reply

Your email address will not be published.