বশিষ্ঠত শ্ৰীশ্ৰী পঞ্চকন্যা মন্দিৰৰ নৱনিৰ্মিত মন্দিৰগৃহ উদ্‌ঘাটন সমাৰোহত মুখ্য অতিথিৰূপে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

0 360

মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীৰ বশিষ্ঠস্থিত শ্ৰীশ্ৰী পঞ্চকন্যা মন্দিৰ চৌহদত আয়োজিত নৱনিৰ্মিত মন্দিৰগৃহ উদ্‌ঘাটন সমাৰোহত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। বাবা ভৃগুগিৰি মহাৰাজৰ জন্মবাৰ্ষিকী উপলক্ষে মন্দিৰ প্ৰাংগনত তেওঁ বাবা ভৃগুগিৰি মহাৰাজৰ এটি প্ৰতিমূৰ্তিও আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে বাবা ভৃগুগিৰি মহাৰাজে স্থাপন কৰা এই মন্দিৰভাগিয়ে আধ্যাত্মিকতাৰ মাধ্যমেদি একতাৰ ডোলেৰে সমাজখন বান্ধি ৰখাত বিশেষভাৱে অৰিহণা যোগাই আহিছে। পৱিত্ৰ মন্দিৰভাগিয়ে অনাগত দিনবোৰতো সমাজত আধ্যাত্মিকতাৰ বীজ সিঁচাত প্ৰভূত অৰিহণা যোগাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.