শোণিতপুৰৰ বালিপৰা চেন্টাৰত আজি সন্ধ্যা ৫:০০ বজাৰপৰা বালিপৰা শাখা সাহিত্য সভা আৰু বহুমুখী কলা কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হয় সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । অনুষ্ঠানৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, ভূপেনদাৰ জীৱন-দৰ্শন বিষয়ক বক্তৃতানুষ্ঠান, সমবেত সংগীত, ভূপেন্দ্ৰ সংগীত ,ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্য ইত্যাদি অনুষ্ঠানৰ মাজেদি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।অনুষ্ঠানত বালিপৰা শাখা সাহিত্য সভাৰ সভাপতি নকুল কুৰ্মী, সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, জিলা কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি নাথ, সহকাৰী সম্পাদিকা নিৰলা ডেকা,বালিপৰা উন্নয়ন সমিতিৰ সম্পাদক হিৰোজ শইকীয়া, সমাজকৰ্মী মৃণাল শইকীয়া, ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০অশ্বিনী কুমাৰ ডেকা, বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱজ্যোতি মেধি, চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দত্ত, বহুমুখী কলা কেন্দ্ৰৰ বিষয়ববীয়া হোমে দাস, কাৰ্তিক কোচ, ধৰ্ম দাসৰ লগতে ভালেমান যুৱ প্ৰজন্মৰ প্ৰতিনিধি, ৰাইজ, কণ কণ শিশু উপস্থিত থাকে ।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা