বালিপৰাৰ দীঘলী মধ্য ইংৰাজী বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

0 368

শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ দীঘলী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী ৰোহিণী বৰাক আজি বিদায়ী সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষ্যে বিদ্যালয়খনত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সমাজকৰ্মী কমিচন মিলিয়ে । অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, লেখিকা ৰোহিণী বৰাক বিদ্যালয়ৰ তৰফৰপৰা মানপত্ৰ, গামোছা, শৰাই ইত্যাদিৰে সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শিশুৰঞ্জন গগৈ, বিদ্যালয়ৰ প্ৰধান শিক্ষক টুক বাহাদুৰ লিম্বু, কবি উপাসনা বৰাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বাতৰি যুগুতালে বালিপৰাৰ পৰা প্ৰাঞ্জলে

Leave A Reply

Your email address will not be published.