বাসবাৰীত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ আধাৰশিলা উদ্ধোধন

0 146

বিটিএডিৰ পৰ্বতঝোৰা মহকুমাৰ বাসবাৰীত থকা হিতেন্দ্ৰ নাথ বসুমাতাৰী মহাবিদ্যালয়ৰ হোষ্টেলৰ আধাৰ শিলা উদ্বোধন কৰে শিক্ষা মন্ত্ৰী ড৹ ৰনোজ পেগু। আধাৰশিলা উদ্বোধনৰ পাছতে এখন সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।বিটিএডিৰ পিচপৰা পৰ্বতঝোৰা মহকুমাৰ বাসবাৰী অঞ্চলৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰে।লগতে বাসবাৰী হিতেন্দ্ৰ নাথ মহাবিদ্যালয়ৰ হোষ্টেল নিৰ্মাণৰ বাবে এক কোটি টকা আৰু নিজানুৰ ৰহমানে কলেজৰ ছাইকেল ষ্টেণ্ডৰ বাবে বিধায়ক পুঁজিৰ পৰা পাচ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে বাসবাৰী অঞ্চলত এটা অতিথিশালা নিৰ্মাণ কৰা হ’ব বুলি ৰাইজৰ আগত মন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে । শিক্ষাৰ ক্ষেত্ৰত শিক্ষা আইনৰ জৰিয়তে বিভিন্ন সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে।ইফালে অচিৰেই ৰাজ্যত হ’ব লগা শিক্ষক নিয়োগৰ বাবে শিক্ষিত সকলোকে যোগ্যতা অৰ্জনৰ বাবে মন্ত্রী গৰাকীয়ে আহবান জনায় ।সহস্ৰাধিক ৰাইজৰ উপস্থিতিত হোৱা সভাখনত মন্ত্ৰী গৰাকীৰ লগতে সভাত উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান,প্ৰাক্তন বিধায়ক বনেন মুছাহাৰী আদি কৰি বহু বিশিষ্ট ব্যাক্তি।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.