অসম বিত্তীয় নিগমে বহু বছৰৰ পাছত বিগত ২০২৩-২৪ বিত্তীয় বর্ষত প্রায় এক কোটি টকা লাভ অর্জন কৰিবলৈ সক্ষম হৈছে। আজি নিগমৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত ভাগ লৈ নিগমৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে কয় ১৯৫৪ চনৰ ১৯ এপ্রিলত ৰাজ্যৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অসম বিত্তীয় নিগম নামৰ প্ৰতিষ্ঠানটো গঠন কৰিছিল। বিগত ৩১ মার্চ পর্যন্ত প্রায় ডেৰ লাখৰো অধিক নিৱনুৱা যুৱক সৃষ্টিক প্রত্যয় পৰোক্ষভাৱে বিত্তীয় সাহার্য্য আগবঢ়োৱাৰ লগতে ৬৮০০ ৰো অধিক উদ্যোগলৈ নিগমে বিত্তীয় সমর্থন আগবঢ়াইছে। বিগত বহু বছৰৰ পাছত যোৱা বিত্তীয় বর্ষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত প্রায় এক কোটি টকাৰ লাভ অৰ্জন কৰিছে। একেদৰে নিগমৰ অনাদায়ী ঋণ আদায়কে ধৰি এনপিএচ আদায় পূৰ্বৰ তুলনাত ৯৭ শতাংশৰ পৰা ৩৬ শতাংশলৈ অৱনমিত কৰিব পৰা হৈছে।ইয়াৰ মান ২০ শতাংশলৈ অনাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হবলৈ পাৰিলে লাভৰ পৰিমাণ বৃদ্ধি পাব। বিগত বিত্তীয় বর্ষত বিভিন্ন উদ্যোগ প্রতিষ্ঠানলৈ প্রায় ২০ কোটি টকাৰ ঋণ প্রদান কৰা হৈছে। আনহাতে সংবাদ মেলত নিগমৰ পৰিচালন সঞ্চালক লয়া মাধুৰী আইআই বিএমৰ সঞ্চালক অভিজিৎ শৰ্মা এছআইডিবিআইৰ উপ মহাপ্ৰবন্ধক প্রদীপ কুমাৰ নাথ উপস্থিত থাকে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান