বিজ্ঞান শাখাত স্থান প্ৰাপ্ত চয়নৰ মনৰ কথা

0 518

আজি ঘোষণা হোৱা  উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত শীৰ্ষস্থান স্থান লাভ কৰিলে তেজপুৰৰ চয়ন মজুমদাৰে ।দৰংকলেজৰ পৰা চয়নে বিজ্ঞান শাখাত ৯৫. ৬শতাংশ লাভ কৰিবলৈ সক্ষম হ’ল।ভৱিষ্যতে চয়নে কাৰিকৰী অভিযন্তা হোৱাৰ কথা ব্যক্ত কৰে।এক সাক্ষাৎকাৰত চয়নে আধ্যাত্মিক গ্ৰন্থ  গীতা নিয়মীয়াকৈ অধ্যয়নৰ কথা ব্যক্ত কৰে।গীতাৰ বাণীসমূহক বিশ্বাস কৰাৰ লগতে কৰ্মযুগক বিশ্বাস কৰিব লাগে বুলি মন্তব্য কৰে।চয়নৰ মতে পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ হ’লে বিষয়বস্তুক আয়ত্ব কৰিব লাগিব আৰু নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগিব ।চয়নৰ এই সফলতাই আকাশ চুমক।আমাৰ থাকিল অলেখ শুভকামনা ।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুৱ জ্যোতি নাথে ।

Leave A Reply

Your email address will not be published.