দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰ বিজয়নগৰ, উপৰহালীত ১২ মাৰ্চত ফিজিঅ’ বিশেষজ্ঞ ডাঃ পল্লৱী নাথৰ নেতৃত্বত ‘মোভ ৱেল প্লাছ ফিজিঅ’থেৰাপি’ নামেৰে এখন অত্যাধুনিক ক্লিনিকৰ শুভ-উদ্বোধন কৰা হয়। অত্যাধুনিক ক্লিনিকখন আনুষ্ঠানিকভাৱে মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। মুকলি কৰি বিধায়ক ঠাকুৰীয়াই ফিজিঅ’থেৰাপিৰ জড়িয়তে মানুহে বহু বেমাৰৰ পৰা উপশম পাব বুলি জানিবলৈ দি ক্লিনিকখনৰ স্বত্বাধিকাৰী ডা: পল্লৱী নাথৰ এনে প্ৰচেষ্টাক শলাগ লয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত সন্মানীয় অতিথি হিচাপে দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সংগঠক সুকুমাৰ মেধিয়ে উপস্থিত থাকি “আধুনিক ক্ৰীড়া জগতৰ প্ৰতিজন খেলুৱৈৰ বাবে ফিজিঅ’থেৰাপি নিতান্তই জৰুৰী। খেলত খেলুৱৈ সকলৰ আঘাত উপশমৰ বাবে ফিজিঅ’থেৰাপি বৰ্তমান এক অভিন্ন অংগ। দক্ষিণ কামৰূপত ফিজিঅথেৰাপি ক্লিনিক নাছিলেই। সেই অভাৱৰ পৰা দক্ষিণ কামৰূপবাসী মুক্ত হ’ল বুলি কব পাৰি। লগতে ক্লিনিকখনৰ চিকিৎসক সকলৰ ঐকান্তিক প্ৰচেষ্টাত কম দিনৰ ভিতৰতে ই এখন জাকতজিলিকা অনুষ্ঠানত পৰিণত হ’ব বুলিও মন্তব্য কৰে ক্ৰীড়া সংগঠক সুকুমাৰ মেধীয়ে। অনুষ্ঠানত সাংবাদিক বিমল শৰ্মাই আঁতধৰা সভাত জাতীয়তাবাদী নেতা পংকজ লোচন গোস্বামীয়ে সভ্যতাৰ অগ্ৰগতিৰ লগে লগে চিকিৎসা ব্যৱস্থাৰো বহুখিনি উন্নতি হৈ উঠা বুলি কয়। অৱশ্যে এইক্ষেত্ৰত ৰাইজৰো যথেষ্ট কৰণীয় আৰু দায়িত্ব আছে বুলিও গোস্বামীয়ে মন্তব্য কৰে। সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হৰিশংকৰ কাকতিয়ে ফিজিঅ’ চিকিৎসা যে বৰ্তমান সময়ত অত্যন্ত জৰুৰী হৈ পৰিছে সেই বিষয়ে চমুকৈ বক্তব্য ৰাখে। অনুষ্ঠানত অধ্যাপক ড০ শিৰোমণি ভূঞা, অসম বিজ্ঞান সমিতিৰ প্ৰতিনিধি প্ৰসেনজিৎ কলিতা আৰু অৱসৰী শিক্ষয়িত্ৰী গীতিকা চৌধুৰী নাথো উপস্থিত আছিল। সভাৰ পূৰ্বে জাতীয়তাবাদী নেতা পংকজ লোচন গোস্বামীয়ে বন্তি প্ৰজ্বলন, অধ্যাপক ড০ হৰিশংকৰ কাকতিয়ে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। শুভ-উদ্বোধনী অনুষ্ঠানত ৰাহুল শ্বেখ, ইন্দ্ৰ দাস, মিথুন দাস, সবিতা বনিয়া, জ্যোতিস্মাণ, বিটুকে ধৰি কেইবাগৰাকী শৰীৰ চৰ্চাবিদক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, বিজয়নগৰ, উপৰহালীত এই ক্লিনিকখন মুকলি কৰাৰ পূৰ্বে ২০১৭ চনত মহানগৰীৰ ভি আই পি অঞ্চলত প্ৰথমখন “মোভ ৱেল প্লাছ ফিজিঅথেৰাপি ক্লিনিক” মুকলি কৰা হৈছিল। অত্যাধুনিক ক্লিনিকখনত ৰক্তিম ডেকাকে ধৰি কেইবাজনো কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে ক্লিনিকখনৰ স্বত্বাধিকাৰী ডা: পল্লৱী নাথে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত