দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰ বিজয়নগৰ, উপৰহালীত ১২ মাৰ্চত ফিজিঅ’ বিশেষজ্ঞ ডাঃ পল্লৱী নাথৰ নেতৃত্বত ‘মোভ ৱেল প্লাছ ফিজিঅ’থেৰাপি’ নামেৰে এখন অত্যাধুনিক ক্লিনিকৰ শুভ-উদ্বোধন কৰা হয়। অত্যাধুনিক ক্লিনিকখন আনুষ্ঠানিকভাৱে মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। মুকলি কৰি বিধায়ক ঠাকুৰীয়াই ফিজিঅ’থেৰাপিৰ জড়িয়তে মানুহে বহু বেমাৰৰ পৰা উপশম পাব বুলি জানিবলৈ দি ক্লিনিকখনৰ স্বত্বাধিকাৰী ডা: পল্লৱী নাথৰ এনে প্ৰচেষ্টাক শলাগ লয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত সন্মানীয় অতিথি হিচাপে দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সংগঠক সুকুমাৰ মেধিয়ে উপস্থিত থাকি “আধুনিক ক্ৰীড়া জগতৰ প্ৰতিজন খেলুৱৈৰ বাবে ফিজিঅ’থেৰাপি নিতান্তই জৰুৰী। খেলত খেলুৱৈ সকলৰ আঘাত উপশমৰ বাবে ফিজিঅ’থেৰাপি বৰ্তমান এক অভিন্ন অংগ। দক্ষিণ কামৰূপত ফিজিঅথেৰাপি ক্লিনিক নাছিলেই। সেই অভাৱৰ পৰা দক্ষিণ কামৰূপবাসী মুক্ত হ’ল বুলি কব পাৰি। লগতে ক্লিনিকখনৰ চিকিৎসক সকলৰ ঐকান্তিক প্ৰচেষ্টাত কম দিনৰ ভিতৰতে ই এখন জাকতজিলিকা অনুষ্ঠানত পৰিণত হ’ব বুলিও মন্তব্য কৰে ক্ৰীড়া সংগঠক সুকুমাৰ মেধীয়ে। অনুষ্ঠানত সাংবাদিক বিমল শৰ্মাই আঁতধৰা সভাত জাতীয়তাবাদী নেতা পংকজ লোচন গোস্বামীয়ে সভ্যতাৰ অগ্ৰগতিৰ লগে লগে চিকিৎসা ব্যৱস্থাৰো বহুখিনি উন্নতি হৈ উঠা বুলি কয়। অৱশ্যে এইক্ষেত্ৰত ৰাইজৰো যথেষ্ট কৰণীয় আৰু দায়িত্ব আছে বুলিও গোস্বামীয়ে মন্তব্য কৰে। সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হৰিশংকৰ কাকতিয়ে ফিজিঅ’ চিকিৎসা যে বৰ্তমান সময়ত অত্যন্ত জৰুৰী হৈ পৰিছে সেই বিষয়ে চমুকৈ বক্তব্য ৰাখে। অনুষ্ঠানত অধ্যাপক ড০ শিৰোমণি ভূঞা, অসম বিজ্ঞান সমিতিৰ প্ৰতিনিধি প্ৰসেনজিৎ কলিতা আৰু অৱসৰী শিক্ষয়িত্ৰী গীতিকা চৌধুৰী নাথো উপস্থিত আছিল। সভাৰ পূৰ্বে জাতীয়তাবাদী নেতা পংকজ লোচন গোস্বামীয়ে বন্তি প্ৰজ্বলন, অধ্যাপক ড০ হৰিশংকৰ কাকতিয়ে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। শুভ-উদ্বোধনী অনুষ্ঠানত ৰাহুল শ্বেখ, ইন্দ্ৰ দাস, মিথুন দাস, সবিতা বনিয়া, জ্যোতিস্মাণ, বিটুকে ধৰি কেইবাগৰাকী শৰীৰ চৰ্চাবিদক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, বিজয়নগৰ, উপৰহালীত এই ক্লিনিকখন মুকলি কৰাৰ পূৰ্বে ২০১৭ চনত মহানগৰীৰ ভি আই পি অঞ্চলত প্ৰথমখন “মোভ ৱেল প্লাছ ফিজিঅথেৰাপি ক্লিনিক” মুকলি কৰা হৈছিল। অত্যাধুনিক ক্লিনিকখনত ৰক্তিম ডেকাকে ধৰি কেইবাজনো কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে ক্লিনিকখনৰ স্বত্বাধিকাৰী ডা: পল্লৱী নাথে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি