আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হাৰ্ট কেয়াৰ চচাইটি অসমৰ উদ্যোগত খানাপাৰাস্থিত ভিভান্টাৰ আতিথ্য আৰু সহযোগত যোৱা ১১ মাৰ্চত হোটেল ভিভান্টাৰ প্ৰেক্ষাগৃহত নাৰীৰ হৃদযন্ত্ৰীৰ সমস্যা, প্ৰতিৰোধ আৰু পৰিচৰ্যা বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। হাৰ্ট কেয়াৰ চচাইটিৰ প্ৰতিষ্ঠাক সভাপতি বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডা: নিৰ্মল কান্তি ভট্টাচাৰ্য্যৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনিত কেন্দ্ৰীয় উপসভাপতি ম: ইক্ৰামূল মজিদ, হাৰ্টকেয়াৰ চচাইটি গুৱাহাটীৰ সভাপতি জি.এম.শ্ৰীবাস্তৱ, সমন্বয়ক তাপস ৰঞ্জন চৌধুৰী, কাৰ্যকৰী সদস্য মুকুল নাৰায়ণ বৰ্মনৰ, নিলাক্ষী গোস্বামী বৰুৱা, ড°শিখা বেজবৰুৱা গোস্বামীৰ ওপৰিও বহুকেইজন আমন্ত্ৰিত চিকিৎসক বিশেষজ্ঞ, বিশিষ্ট ব্যক্তি আৰু ভিভান্টাৰ বিষয়া-কৰ্মচাৰীবৃন্দ উপস্থিত থাকে। অনুষ্ঠানটিৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা সক্ৰিয় সদস্যা পাৰমিতা নাগ দেয়ে এটি গীতেৰে শুভাৰম্ভ কৰাৰ লগতে সভাৰ আঁতধৰে। সভাখনিত মুখ্য অতিথিৰ আসন শুৱনি কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া মাধুৰীমা বৰুৱা সেন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা:এ.চি.বৈশ্যই। ভিভান্টাৰ জেনেৰেল মেনেজাৰ জয়ন্ত দাসে আৰম্ভণি ভাষনেৰে সমাগত সকলোকে সম্ভাষণ জনায়।ডা: নিৰ্মলকান্তি ভট্টাচাৰ্যই প্ৰজেক্টৰৰ জৰিয়তে নাৰী আৰু পুৰুষৰ হাৰ্টৰ তুলনামূলকভাৱে সমস্যা, সমাধান, যতন আদিৰ বিশদ বৰ্ণনা কৰে। অনুষ্ঠানটিৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী বিশেষজ্ঞৰ প্ৰশ্নোত্তৰ শিতানলৈ আমন্ত্ৰণ কৰি অনা গুৱাহাটী এপল’ হস্পিতালৰ বিশিষ্ট মধুমেহ বিশেষজ্ঞা ডা: নিলাক্ষী ডেকা, ইনটাৰনেচনেল হস্পিতালৰ হৃদৰোগ বিশেষজ্ঞ ডা: ৰিতুপৰ্ণ বৰুৱা, প্ৰতিষ্ঠিত মনোৰোগ বিশেষজ্ঞা লইয়া আগৰৱালৰ পৰামৰ্শমূলক আলোচনাই সকলোকে উপকৃত কৰে। সভাৰ শেষত হাৰ্ট কেয়াৰ চচাইটি,অসমৰ মহিলা গোটৰ কোষাধ্যক্ষা কবিতা শইকীয়াই সকলোলৈ সুন্দৰভাৰে শলাগৰ শৰাই আগবঢ়ায়। উল্লেখ্য যে হাৰ্টকেয়াৰ চছাইটি অসমৰ অন্তৰ্গত অমেন ফৰামৰ সম্পাদিকা নিলাক্ষী গোস্বামী বৰুৱাৰ তৎপৰতাত যোৱা ৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাও চান্দৰাৰীস্থিত আৰবান বিটচত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। সাম্প্ৰতিক সময়ৰ সমগ্ৰ বিশ্ববাসীৰ গুৰুতৰ শাৰিৰীক প্ৰত্যাহ্বান হাৰ্টৰ সমস্যাৰ বিপৰীতে সুৰক্ষা আৰু পৰিচৰ্যাৰ স্বাৰ্থত হাৰ্ট কেয়াৰ চচাইটি অসমৰ এনেধৰণৰ সজাগতামূলক পদক্ষেপ প্ৰকৃততেই প্ৰশংসনীয়।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ