বিদেশী শিল্পীয়ে বিহু শিকিলে

0 238

WhatsApp Image 2017-12-07 at 4.42.37 PM

এছ এম ডি ফাউণ্ডেচনৰ উদ্যোগত আজি আটিষ্ট গীল্ডত অনুষ্ঠিত হৈছে বিহুৰ এক কৰ্মশালা। চাংসাৰিৰ এটা বিহু দলে বিদেশী কিছু শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰিছে। শ্ৰীলংকা, লেবানন, টুৰ্কী, চাইপ্ৰাছ, মালয়েছিয়াৰ শিল্পীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এই সমূহ শিল্পীয়ে ব্ৰহ্মপুত্ৰ কলা মহোৎসৱত অংশগ্ৰহণ কৰিছিল। অসমলৈ আহি অসমৰ সংস্কৃতিৰ প্ৰেমত পৰা শিল্পী সকলে জাতীয় সংস্কৃতি বিহু শিকাৰ প্ৰতি আগ্ৰহী হৈ উঠে। যাৰ বাবে এখন কৰ্মশালা আয়োজন কৰা হ’ল বুলি শিল্পী মিণ্টু ডেকাই জানিবলৈ দিয়ে। স্মতৰ্ব্য যে কৰ্মশালা খনৰ লগত সংগতি ৰাখি বিভিন্ন শিল্পীৰ চিত্ৰশিল্প প্ৰদৰ্শিত হয়।

WhatsApp Image 2017-12-07 at 4.44.32 PM

Leave A Reply

Your email address will not be published.