নিৰাময়ৰ উদ্যোগত আৰু জ্ঞানদ্বীপ যুৱক সংঘৰ সহযোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দ্বাৰা আজি ইংৰাজী ২৩ জুলাইত বামুনীগাঁও (কামৰূপ) বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু নেত্ৰদানৰ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ আত ধৰে সংঘৰ উপদেষ্টা মনোজ দাস। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰাময়ৰ সভাপতি কুশল ডেকাই। উক্ত সভাত নেত্ৰদানৰ সজাগতাৰ বাবে বক্তৃতা প্ৰদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰভাণ্ডাৰৰ বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মাই। সজাগতা সভাৰ শেষ হোৱাৰ পিছত আৰম্ভ হয় বিনামূলীয়া চকু চিকিৎসা শিবিৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৫ জনীয়া চিকিৎসকৰ দল ক্ৰমে ডা: ছেমিম চুলতানা, ডা: পায়েল সিংঘলা, ডা: পুজা দেৱী, ডা: নবাৰুণ ধৰ আৰু ৰিংছৰ বাগলাৰী ডাঙৰীয়াই বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় লগতে বিনামুলীয়া চকুৰ ঔষধ আৰু মাল্টিভিটামিন বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটিতে কিছু সংখ্যক লোকে মৰণোত্তৰ ভাবে নেত্ৰদানৰ সন্মতি পত্ৰত স্বাক্ষৰ কৰে। এই ছেগতে অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ বাবে জ্ঞানদ্বীপ যুৱক সংঘৰ সভাপতি সম্পাদক তথা সকলো সদস্যৰ সহায় -সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।
Trending
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting