নিৰাময়ৰ উদ্যোগত আৰু সেউজ জীৱন লাহোৱালৰ সহযোগত আজি ইং ১৬ জুলাইত শনিবাৰে , ডিব্ৰুগড়ৰ লাহোৱালস্থিত সেউজ জীৱন জৈৱিক কৃষি পামত দীপক বৰাৰ সহযোগত স্থানীয় জনজাতীয় ৰাইজৰ মাজত এটি স্বাস্থ্য সজাগতা শিবিৰ, নেত্ৰ দানৰ সজাগতা আৰু stem cell দানৰ সজাগতাৰ বিষয়ে এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানটি আৰম্ভ কৰে নিৰাময়ৰ ট্ৰাষ্টি তথা প্ৰজেক্ট কোৰ্ডিনেটৰ পল্লৱী নেওগ বৰাই। উদ্বোধন কৰে সেউজ জীৱনৰ স্বত্বাধিকাৰ দীপক বৰাই। এই সভাত স্বাস্থ্য সম্পৰ্কে ল’ব লগা সজাগতাৰ বিষয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ কাৰিকৰী বিষয়া হিৰক শৰ্মাই গুৰুত্বপূৰ্ণ ব্যক্তব্য আগবঢ়ায়। লগতে প্ৰায় ১০০ গৰাকীৰো অধিক ব্যক্তিক বিনামূলীয়া ঔষধ বিতৰণ কৰে। আগলৈও জিলাখনত এনে ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি নিৰাময়ৰ সভাপতি কুশল ডেকাই জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানটো পৰিচলনা কৰাত সহায় কৰে লাহোৱাল ছাত্ৰ সন্থাৰ বিষয়ববীয়া পৰাগ জ্যোতি ঘৰফলীয়াই। অনুষ্ঠানটিত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ ‘হস্ততাত আৰু বস্ত্ৰ শিল্প ‘ বিভাগৰ বিষয়া পল্লৱ শইকীয়া।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন