নিৰাময়ৰ উদ্যোগত আৰু সেউজ জীৱন লাহোৱালৰ সহযোগত আজি ইং ১৬ জুলাইত শনিবাৰে , ডিব্ৰুগড়ৰ লাহোৱালস্থিত সেউজ জীৱন জৈৱিক কৃষি পামত দীপক বৰাৰ সহযোগত স্থানীয় জনজাতীয় ৰাইজৰ মাজত এটি স্বাস্থ্য সজাগতা শিবিৰ, নেত্ৰ দানৰ সজাগতা আৰু stem cell দানৰ সজাগতাৰ বিষয়ে এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানটি আৰম্ভ কৰে নিৰাময়ৰ ট্ৰাষ্টি তথা প্ৰজেক্ট কোৰ্ডিনেটৰ পল্লৱী নেওগ বৰাই। উদ্বোধন কৰে সেউজ জীৱনৰ স্বত্বাধিকাৰ দীপক বৰাই। এই সভাত স্বাস্থ্য সম্পৰ্কে ল’ব লগা সজাগতাৰ বিষয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ কাৰিকৰী বিষয়া হিৰক শৰ্মাই গুৰুত্বপূৰ্ণ ব্যক্তব্য আগবঢ়ায়। লগতে প্ৰায় ১০০ গৰাকীৰো অধিক ব্যক্তিক বিনামূলীয়া ঔষধ বিতৰণ কৰে। আগলৈও জিলাখনত এনে ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি নিৰাময়ৰ সভাপতি কুশল ডেকাই জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানটো পৰিচলনা কৰাত সহায় কৰে লাহোৱাল ছাত্ৰ সন্থাৰ বিষয়ববীয়া পৰাগ জ্যোতি ঘৰফলীয়াই। অনুষ্ঠানটিত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ ‘হস্ততাত আৰু বস্ত্ৰ শিল্প ‘ বিভাগৰ বিষয়া পল্লৱ শইকীয়া।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ