গুৱাহাটীৰ আদাবাৰী তিনিআলিস্থিত প্ৰাগজ্যোতিষ নেত্ৰালয়ৰ উদ্যোগত আৰু ৰাইজ আলী ক্ৰীড়া সন্থাৰ সহযোগত পহিলা ৰাইজ আলী বজাৰ চ’কত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।শিবিৰত চকু বিশেষজ্ঞ তথা অভিজ্ঞ চিকিৎসক ডাঃ দিবাকৰ ৰঞ্জন কলিতাৰ নেতৃত্বত এটি চিকিৎসকৰ দলে শিশু,মহিলাকে ধৰি মুঠ ১২৯ গৰাকী লোকৰ চকু পৰীক্ষা কৰে।ইয়াৰে ২৫ গৰাকী লোকক প্ৰাগজ্যোতিষ নেত্ৰালয়ত বিনামূলীয়াকৈ চকুৰ কেটেৰেক্ট অস্ত্ৰোপচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।ইয়াৰ উপৰি শিবিৰত উপস্থিত সকলোকে চকু বিশেষজ্ঞ ডাঃ দিবাকৰ ৰঞ্জন কলিতাই মানুহৰ দেহৰ সকলোতকৈ মূল্যবান সম্পদ হিচাপে পৰিচিত চকুযুৰিক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই সম্পৰ্কীয় বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।উল্লেখ্য যে প্ৰাগজ্যোতিষ নেত্ৰালয়ে সময়ে সময়ে গুৱাহাটী মহানগৰীৰ উপৰি পাৰ্শ্বৱৰ্তী অঞ্চলত সমাজৰ দুখীয়া লোক সকলৰ সহায়ৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
Its an amazong approch towards patient awarness on eye disease. Hope the same will repeat and most of our unawared people can be benefited from such camp.