দিনক-দিনে বৰ্দ্ধিত হোৱা যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত দূৰণিবটীয়া যাত্ৰীসকলৰ সুবিধাৰ্থে, প্ৰস্থান কক্ষৰ সন্মুখত কম সময়তে খাদ্য প্ৰস্তুত কৰি যাত্ৰীসকলক খাদ্য সেৱাৰ যোগান ধৰিব পৰা ‘পাৰপল ফুডছ’ নামেৰে এখন বিপনীৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰা হয়। বহুকেইজন বিমানকোঠ বিষয়-ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত বিপনীখন উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। বিপনীখন উদ্বোধন কৰি বৰুৱাই ভাষণ সন্দৰ্ভত কয় যেকেতিয়াবা বতৰ বা অনান্য যান্ত্ৰিক কাৰণত বিমান উৰণৰ সময়-সীমা সলনি হ’লে যাত্ৰীসকলে খাদ্য সংকটত ভূগিবলগীয়া হয়। সেই সংকটৰ প্ৰতি লক্ষ্য ৰাখি এই বিপনী খন ইয়াত স্থাপন কৰা হৈছে যাতে দূৰণিবটীয়া যাত্ৰীৰ লগতে আন যাত্ৰীসকলেও কম সময়ৰ ভিতৰতে খাদ্য গ্ৰহণ কৰি সুকলমে ইয়াৰপৰা যাত্ৰা কৰিব পাৰে। এই বিপণি খনে নিঃ সন্দেহে বহুতো যাত্ৰীৰ প্ৰাথমিক প্ৰয়োজনীয়তা দূৰ কৰিব পাৰিব বুলিও বিমানকোঠ কতৃপক্ষই আশা প্ৰকাশ কৰিছে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান