দিনক-দিনে বৰ্দ্ধিত হোৱা যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত দূৰণিবটীয়া যাত্ৰীসকলৰ সুবিধাৰ্থে, প্ৰস্থান কক্ষৰ সন্মুখত কম সময়তে খাদ্য প্ৰস্তুত কৰি যাত্ৰীসকলক খাদ্য সেৱাৰ যোগান ধৰিব পৰা ‘পাৰপল ফুডছ’ নামেৰে এখন বিপনীৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰা হয়। বহুকেইজন বিমানকোঠ বিষয়-ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত বিপনীখন উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। বিপনীখন উদ্বোধন কৰি বৰুৱাই ভাষণ সন্দৰ্ভত কয় যেকেতিয়াবা বতৰ বা অনান্য যান্ত্ৰিক কাৰণত বিমান উৰণৰ সময়-সীমা সলনি হ’লে যাত্ৰীসকলে খাদ্য সংকটত ভূগিবলগীয়া হয়। সেই সংকটৰ প্ৰতি লক্ষ্য ৰাখি এই বিপনী খন ইয়াত স্থাপন কৰা হৈছে যাতে দূৰণিবটীয়া যাত্ৰীৰ লগতে আন যাত্ৰীসকলেও কম সময়ৰ ভিতৰতে খাদ্য গ্ৰহণ কৰি সুকলমে ইয়াৰপৰা যাত্ৰা কৰিব পাৰে। এই বিপণি খনে নিঃ সন্দেহে বহুতো যাত্ৰীৰ প্ৰাথমিক প্ৰয়োজনীয়তা দূৰ কৰিব পাৰিব বুলিও বিমানকোঠ কতৃপক্ষই আশা প্ৰকাশ কৰিছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন