ৰঙিয়াত এছ এছ বিৰ ৰক্তদান শিবিৰ

0 204

দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি আৰু এছ এছ বি ২৪ নম্বৰ বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি হাঁহাৰাস্থিত এছ এছ বি প্ৰাংগনত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালৰ সহযোগত অনুষ্ঠিত হোৱা এই ৰক্তদান শিবিৰত এছ এছ বি ২৪ ন০ বাহিনীৰ উচ্চ বিষয়া আৰু জোৱান সকলে সুন্দৰ ভাৱে সহযোগিতা আগবঢ়ায়, লগতে ৭৫ গৰাকী জোৱানে ৰক্তদান কৰে।ইপিনে আজিৰ এই ৰক্তদান শিবিৰত উপস্থিত থাকে বাহিনীৰ কমানডেন্ট দীপক সিংহ,ডেপুটি কমানডেন্ট দীপক সবিতা, বাহিনী চিকিৎসালয়ৰ কমানডেন্ট ডাঃ চি কে দাসৰ লগতে উচ্চ পদস্থ বিষয়া‌ আৰু জোৱান সকল।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.