বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠত প্ৰথমাবাৰৰ বাবে ঈদ উদযাপন কৰা হয়। উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে পৰিগণিত গুৱাহাটী বিমানকোঠত, জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে, প্ৰতিটো উৎসৱৰ সৈতে সংগতি ৰাখি, বিমানকোঠ কতৃপক্ষই আৰম্ভনিৰে পৰা সকলো উৎসৱ উদযাপন কৰি আহিছে। এই উৎসৱসমূহ উদযাপনৰ মূল উদ্দেশ্য হৈছে, বিমানকোঠত কৰ্মৰত বিভিন্ন সম্প্ৰদায় আৰু জাতিৰ কৰ্মচাৰীসকলক একতাৰ দোলৰে বান্ধি ৰখা আৰু লগতে যাত্ৰীসকলকো শুভেচ্ছা তথা বিনোদন দিয়া। সেইহিচাপে বিমানকোঠৰ প্ৰস্থান আৰু আগমন কক্ষত ঈদৰ শুভেচ্ছাবাণীৰে ক্ৰীব প্ৰস্তুত কৰা হৈছে। তাৰোপৰি ঈদ উদযাপনৰ বাবে বিমানবন্দৰত আন প্ৰদেশৰ পৰা আহি উপস্থিত হোৱা যাত্ৰীসকলকো ‘গ্ৰিটিংছ কাৰ্ড’ৰ যোগেদি ঈদৰ শুভেচ্ছা প্ৰদান কৰিছে বিমান বন্দৰৰ কৰ্তৃপক্ষই।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন