বিমান পৰিবহন,নিয়ন্ত্রণ,যোগাযোগ,বায়ু যাতায়তৰ ক্ষেত্রখনত নতুনকৈ ব্যৱহাৰ হোৱা আধুনিক তথ্য প্ৰযুক্তি,কাৰিকৰী কৌশল,সংযোগ ব্যৱস্থা সমূহৰ লগত যাতে বৰ্তমানৰ বিষয়া,কৰ্মচাৰী,অভিযন্তা সকল সু সম্পৰ্কিত হৈ প্ৰযুক্তিৰ সদ ব্যৱহাৰ কৰে আৰু খুঁত নথকাকৈ কৰ্তব্য সম্পাদন কৰিব পাৰে তাৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ চৌহদত এটা আঞ্চলিক প্ৰশিক্ষণ কেন্দ্র নিৰ্মাণ কৰিছে।উত্তৰ পূবৰ প্ৰথম আৰু দেশৰ অষ্টম হিচাপে পৰিচিত কেন্দ্রটো ৮ ফেব্ৰুৱাৰীত উদ্বোধন কৰে ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণৰ সদস্য বিনীত গুলাটীয়ে।এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিনীত গুলাটীয়ে কেন্দ্রটোত প্ৰশিক্ষণ গ্রহণ কৰা কৰ্মচাৰীয়ে নিষ্ঠাৰে বিমান সেৱা,বায়ু যাতায়ত,বিমান নিয়ন্ত্রণকে ধৰি যাৱতীয় কৰ্মব্যৱস্থা সমূহ সফলতাৰে পৰিচালনা কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে।অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ এয়াৰ এভিগেশ্যন চাৰ্ভিছৰ সঞ্চালক পান সিং,উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীব জিন্দাল,বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি শীৰ্ষ বিষয়া,অভিযন্তা সকল উপস্থিত থাকে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud