অসম চৰকাৰৰ কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে শিক্ষা বিভাগৰ পৰা আগবঢ়াবলগীয়া বিশেষ বঁটাৰ বিষয়ে জানিবলৈ দিয়ে।এই বছৰৰ পৰা প্ৰতিবছৰে দিয়া হ’ব ‘অসম ৰত্ন’ বঁটা।শিক্ষা, সাহিত্যৰ লগতে বিভিন্ন শিতানত অৱদান আগবঢ়াই অহা বিশিষ্ট অৱদানৰ বাবে এগৰাকী ব্যক্তি প্ৰতি বছৰে ‘অসম ৰত্ন’ বটাঁ প্ৰদান কৰা হ’ব৷’অসম ৰত্ন’ বটাঁত পাঁচ লাখ টকা থাকিব৷বটাঁ প্ৰাপক সকলক বিমানমূলীয়া চিকিৎসা সেৱাৰ লগতে চাৰ্কিট হাউচত থকা সুবিধা প্ৰদান কৰা হব।অসম ৰত্ন বঁটাৰ উপৰি আগবঢ়াবলগীয়া আন তিনিটা বঁটা হৈছে অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা।অসম ৰত্ন বঁটাত ৫লাখ টকা আগবঢ়োৱাৰ বিপৰীতে অসম বিভূষণ বঁটাত ৩লাখ টকা, অসম ভূষণ বঁটাত ২লাখ টকা আৰু অসমশ্ৰী বঁটাত ১লাখ টকা থাকিব।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন