অসম চৰকাৰৰ কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে শিক্ষা বিভাগৰ পৰা আগবঢ়াবলগীয়া বিশেষ বঁটাৰ বিষয়ে জানিবলৈ দিয়ে।এই বছৰৰ পৰা প্ৰতিবছৰে দিয়া হ’ব ‘অসম ৰত্ন’ বঁটা।শিক্ষা, সাহিত্যৰ লগতে বিভিন্ন শিতানত অৱদান আগবঢ়াই অহা বিশিষ্ট অৱদানৰ বাবে এগৰাকী ব্যক্তি প্ৰতি বছৰে ‘অসম ৰত্ন’ বটাঁ প্ৰদান কৰা হ’ব৷’অসম ৰত্ন’ বটাঁত পাঁচ লাখ টকা থাকিব৷বটাঁ প্ৰাপক সকলক বিমানমূলীয়া চিকিৎসা সেৱাৰ লগতে চাৰ্কিট হাউচত থকা সুবিধা প্ৰদান কৰা হব।অসম ৰত্ন বঁটাৰ উপৰি আগবঢ়াবলগীয়া আন তিনিটা বঁটা হৈছে অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা।অসম ৰত্ন বঁটাত ৫লাখ টকা আগবঢ়োৱাৰ বিপৰীতে অসম বিভূষণ বঁটাত ৩লাখ টকা, অসম ভূষণ বঁটাত ২লাখ টকা আৰু অসমশ্ৰী বঁটাত ১লাখ টকা থাকিব।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী