গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া বিহু নাচ প্ৰদৰ্শনত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলক ৰখাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ মহানগৰীৰ বিভিন্ন হোটেল, লজ আৰু আই আই টি, গুৱাহাটীকে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসৰ প্ৰায় বাৰ হেজাৰ বিচনা সাজু কৰিছে প্ৰশাসনে৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত বিহু নাচ প্ৰদৰ্শন কৰিবলগীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুৱা-বিহুৱতীসকল ১০ এপ্ৰিলত আহি গুৱাহাটীত উপস্থিত হ’বহি৷ তেওঁলোকে থকা আৰু খোৱাত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ নিশ্চয়তাৰ বাবে আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুই শতাধিক হোটেল, লজ আৰু শিক্ষানুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বিহু নাচিবৰ বাবে অহা যুৱক-যুৱতীসকলে যাতে থকা আৰু খোৱাত কোনোধৰণৰ অসুবিধা নাপায় আৰু নিৰ্দিষ্ট সময়ত যাতে পুৱাৰ জলপানসহিতে সকলো সুবিধা লাভ কৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তই হোটেলৰ প্ৰতিনিধিসকলক নিৰ্দেশ দিয়ে৷ জিলা প্ৰশাসনে প্ৰেৰণ কৰা তালিকাৰ ভিত্তিত থাকিবলৈ অহা বিহুৱা-বিহুৱতীক সহজে কোঠাৰ আবন্টন দিয়াৰ বাবে আগতীয়াকৈ সাজু কৰি ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰীকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকি বক্তব্য আগবঢ়াই৷
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী