গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া বিহু নাচ প্ৰদৰ্শনত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলক ৰখাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ মহানগৰীৰ বিভিন্ন হোটেল, লজ আৰু আই আই টি, গুৱাহাটীকে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসৰ প্ৰায় বাৰ হেজাৰ বিচনা সাজু কৰিছে প্ৰশাসনে৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত বিহু নাচ প্ৰদৰ্শন কৰিবলগীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুৱা-বিহুৱতীসকল ১০ এপ্ৰিলত আহি গুৱাহাটীত উপস্থিত হ’বহি৷ তেওঁলোকে থকা আৰু খোৱাত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ নিশ্চয়তাৰ বাবে আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুই শতাধিক হোটেল, লজ আৰু শিক্ষানুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বিহু নাচিবৰ বাবে অহা যুৱক-যুৱতীসকলে যাতে থকা আৰু খোৱাত কোনোধৰণৰ অসুবিধা নাপায় আৰু নিৰ্দিষ্ট সময়ত যাতে পুৱাৰ জলপানসহিতে সকলো সুবিধা লাভ কৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তই হোটেলৰ প্ৰতিনিধিসকলক নিৰ্দেশ দিয়ে৷ জিলা প্ৰশাসনে প্ৰেৰণ কৰা তালিকাৰ ভিত্তিত থাকিবলৈ অহা বিহুৱা-বিহুৱতীক সহজে কোঠাৰ আবন্টন দিয়াৰ বাবে আগতীয়াকৈ সাজু কৰি ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰীকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকি বক্তব্য আগবঢ়াই৷
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা