ক`ৰণা মহামাৰীৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ আছে এটা ভাল খবৰ। এই ভাল খবৰ কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ মিলনপুৰৰ বিশাল চাংমাই। সৰুৰে পৰা আৰ্চাৰীত ৰাপ থকা বিশাল চাংমাই এইবাৰ ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হ’ব লগা বিশ্ব চেম্পিয়ন আৰ্চাৰী খিতাপলৈ নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে বিশাল চাংমাই হৈছে বোকাখাতৰ পৰা আৰ্চাৰী প্ৰতিযোগীতালৈ স্থান লাভ কৰা প্ৰথমজন যুৱক। উল্লেখযোগ্য যে সৰুতে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে আৰ্চাৰী প্ৰতি বিশেষ ৰাপ থকা বিশাল চাংমাই দেখুৱাইছিল পাৰদৰ্শিতা। স্বাভাৱিকতে ক`ৰণা মহামাৰীৰ এই আতংকৰ সময়তো বিশাল চাংমাইৰ এনে ইতিবাচক খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যবাসীলৈ।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ